33 C
Guwahati
Wednesday, September 28, 2022
More

    শিলচৰত ধৃত ৪ বাংলাদেশী, বহিঃৰাজ্যৰ নোট বিক্ৰী কৰাৰ সময়তে হাতে-লোটে আটক

    ধৃত বাংলাদেশীকেইটাৰ নাম মহম্মদ চুমন ফকিৰ, জামাল মুঞ্চী, মহম্মদ ৰিপন খান আৰু মহম্মদ আছাদ উজ জামান।

    চৌদী আৰৱৰ টকা বিক্ৰীৰ সময়তে আৰক্ষীয়ে হাতে-লোটে আটক কৰে ৪টা বাংলাদেশীক। ধৃত বাংলাদেশীকেইটাৰ নাম মহম্মদ চুমন ফকিৰ, জামাল মুঞ্চী, মহম্মদ ৰিপন খান আৰু মহম্মদ আছাদ উজ জামান। ঘটনাস্থলীৰ পৰা পলায়ন মহম্মদ কবীৰ চৰ্দাৰ নামৰ বাংলাদেশীটোৰ।

    শিলচৰৰ বিগ বজাৰৰ সন্মুখত এজন লোকক চৌদী আৰৱৰ টকা বিক্ৰী কৰোতে বাংলাদেশীকেইটাক আটক কৰে। চৌদী আৰৱৰ দুশ “ৰিয়াল” নোট মেৰিয়াই ভিতৰত কাগজ আৰু তাচপাত ৰাখিছিল৷ বাচকান্দিৰ এজন লোকে ক্ৰয় কৰিছিল চৌদী আৰৱৰ টকাখিনি ৷ এমাহ পূৰ্বে বন তাৰাপুৰৰ আন এজন লোককো বিক্ৰী কৰিছিল দুশ টকাৰ “ৰিয়াল”৷

    ধৃত বাংলাদেশী কেইটাই নিজকে পশ্চিমবংগৰ লোক বুলি পৰিচয় দিছিল৷ বিপদত পৰি চৌদী আৰৱৰ নোট বিক্ৰী কৰি ভাৰতীয় নোট লৈছিল৷ বাংলাদেশীকেইটাৰ পৰা আৰক্ষীয়ে ১০ খন জাল চৌদী আৰৱৰ “ৰিয়াল” নোট, ৫খন পাছপ’ৰ্ট আৰু ৬টা মোবাইল জব্দ কৰে। বৰ্তমান শিলচৰ থানাত জেৰা অৱ্যাহত ধৃত প্ৰৱঞ্চক বাংলাদেশী কেইটাক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং