19 C
Guwahati
Thursday, December 8, 2022
More

    এজন কৰ’ণাক্ৰান্ত পিজ্জা ডেলিভাৰী ল’ৰাৰ বাবে ৭২ জনকৈ লোক মহাবিপদত

    অৱশ্যে প্ৰশাসনে বৰ্তমানলৈ ফাদিল কৰা নাই পিজ্জা ডেলিভাৰী ল'ৰাজনৰ পৰিচয়

    পিজ্জা ডেলিভাৰী এজন ল’ৰা কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে এক প্ৰকাৰ হাহকাৰ সৃষ্টি এখন ঠাইত। যাৰ বাবে ঠাইখনৰ মুঠ ৭২ জনকৈ লোকক কৰা হৈছে কোৱাৰাণ্টাইন। পিজ্জা ডেলিভাৰী কৰা ল’ৰা জনৰ তেজৰ নমুনাত কৰ’ণাৰ উপস্থিত ধৰা পৰা পিছতে এই পদক্ষেপ গ্ৰহণ কৰে প্ৰশাসনে।

    এই ঘটনা কোনো অন্য দেশৰ নহয়। ভাৰতৰে ৰাজধানী দিল্লীৰ দক্ষিণ অঞ্চলৰ। হোজ খাছ আৰু মালবীয় নগৰৰ ৭২ জনকৈ লোক এতিয়া কোৱাৰাণ্টাইনত। অৱশ্যে প্ৰশাসনে বৰ্তমানলৈ ফাদিল কৰা নাই পিজ্জা ডেলিভাৰী ল’ৰাজনৰ পৰিচয়।

    অন্যহাতে ৭২ জন লোক কোৱাৰাণ্টাইনত ৰখা হৈছে যদিও বৰ্তমানলৈ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হোৱা নাই। পৰীক্ষা কৰাৰ পিছত হে জনা যাব লোক কেইজনৰ দেহত কৰ’ণা আছে নে নাই।

    Photo Credit: Indiatimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং