25 C
Guwahati
Thursday, October 21, 2021
More

    এখন বিশেষ ফটোৰ বাবে ৭ বছৰ অপেক্ষা যুৱকৰ, কি বিশেষত্ব আছে এই ফটোত?

    সেই ফটো পাবলৈ ধাৰাসাৰ ধুমুহা বৰষুণৰ মাজতো মৰুভূমিত ৰখি থাকিল জোহেইব

    ধৈৰ্যৰ ফল সদায় মিঠা। কিবা এটা শ্ৰেষ্ঠতম বস্তু আশা কৰিলে ধৈৰ্য্য ধৰিবই লাগিব। সেইয়ে জোহেইব অঞ্জুমেও জীৱনৰ শ্ৰেষ্ঠ ফটোখন পাবলৈ অপেক্ষা কৰিলে সাতটা বছৰ।

    ২৭২০ ফুট উচ্চতাৰ বুৰ্জ খলিফাৰ এখন বিশেষ ফটো পাবলৈ এনেদৰে ৭ বছৰ ধৰি অপেক্ষা জোহেইব অঞ্জুমৰ। বুৰ্জ খলিফাৰ শিখৰত বিজুলি পৰা এখন ফটো পাবলৈ অধিৰ আগ্ৰহেৰে বাট চাইছিল জোহেইবে।

    বহু বছৰৰ অন্তত ধাৰাসাৰ ধুমুহা বৰষুণেৰে আহিল বিজুলি ঢেৰেকণি। সেই ধুমুহাৰ সময়তে এখন শ্ৰেষ্ঠ ফটোৰ বাবে মৰুভূমিৰ মাজত কেইবাঘণ্টা ধৰি ৰখি থাকিল জোহেইব। শেষত লাভ কৰিলে মনে বিচৰা ফটোখন।

    Photo Credit: Zohaib Anjum Photography

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং