30 C
Guwahati
Wednesday, October 27, 2021
More

    টীয়কত উদ্ধাৰ ৭.৬৫ পিষ্টল;আটক ২ যুৱক

    বালি খননত কাম কৰা দুই যুৱকে কি পৰিস্থিতিত পিষ্টলটো নিজৰ ঘৰত ৰাখিছিল সেইয়া গভীৰ ৰহস্যৰ বিষয়

    টীয়কত শক্তিশালী পিষ্টল উদ্ধাৰ। টীয়কৰ বনাই অঞ্চলত উদ্ধাৰ হৈছে ৭.৬৫ এটা পিষ্টল৷ বনাই ৰবিগাঁৱৰ তপন শইকীয়া নামৰ যুৱকজনৰ ঘৰৰ পৰা উদ্ধাৰ হয় পিষ্টলটো ৷ ঘটনা সন্দৰ্ভত আটক কৰিছে বিশ্বজিত নেওগ আৰু তপন শইকীয়া নামৰ দুই যুৱকক ৷

    বনাই অঞ্চলত বালি খননত কাম কৰা দুই যুৱকে কি পৰিস্থিতিত পিষ্টল পাই নিজৰ ঘৰত ৰাখিছিল সেইয়া গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে ৷ বনাই অঞ্চলত এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত আছে টীয়ক আৰক্ষী ৷ বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং