ৰাজ্যত পুনৰ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত। লংকাৰ কাকীত ৬৩ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি এগৰাকী ১০ বছৰীয়া কিশোৰী। কাকী আৰক্ষী থানাৰ অন্তৰ্গত ১নং কাকী ৭নং মাটিপাহাৰত সংঘটিত হয় জঘন্য ঘটনা। অঞ্চলটোৰ আব্দুল কালাম নামৰ এজন ৬৩ বছৰীয়া বৃদ্ধই নিজৰ ঘৰৰ সমীপৰে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলায়। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এই কু-কাৰ্য সংঘটিত কৰে।
শনিবাৰে এই ঘটনা পোহৰলৈ আহে। কিশোৰীগৰাকীক ফুচুলাই নি এই অসৎ কাৰ্য সংঘটিত কৰিছিল লম্পট লোকজনে। ঘটনাটোৰ কথা উমান পোৱাৰ লগে লগে কিশোৰীগৰাকীৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।