26 C
Guwahati
Saturday, October 1, 2022
More

    চকলেট দিয়াৰ চলনাৰে ৬ বছৰীয়া শিশুৰ ওপৰত কামনা চৰিতাৰ্থ চুবুৰীয়াৰ

    ঘটনা সন্দৰ্ভত আজি ন্যায়ালয়ত হাজিৰ কৰোৱা হ'ব অভিযুক্ত জশৱন্ত লোধীক

    খেলি থকা শিশুক মাতি চকলেট দিয়াৰ চলনাৰে কামনা চৰিতাৰ্থ কৰিলে এক ২৩ বৰ্ষীয় যুৱকে। পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ খেলি থকা কনমানি ৬ বছৰীয়া শিশুটিক মাতি নি কৰে এই দুষ্কাৰ্য।

    এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফাতেহপুৰত। ঘটনাৰ দিনা ভুক্তভোগী শিশুৰ পিতৃ-মাতৃয়ে চহৰলৈ গৈছিল কোনো কাৰণত। সেই সময়তে চুবুৰীয়া জশৱন্ত লোধী নামৰ যুৱকজনে ওচৰতে খেলি থকা শিশুটিক মাতি নিয়ে চকলেটৰ লোভ দেখুৱাই। পূৰ্বৰে চিনাকি যুৱকজনক বিশ্বাসত লৈ শিশুটিও সোমাই যায় যুৱকজনৰ ঘৰলৈ। আৰু তাতেই ৬ বছৰীয়া শিশুটিৰ লগত নিজৰ কামনা পূৰণ কৰে পাষণ্ড যুৱকে।

    পিছত পিতৃ-মাতৃ ঘূৰি আহি শিশুটিৰ স্বাস্থ্যৰ অৱনতি দেখি সোধপোচ কৰোতে ওলাই পৰে সমগ্ৰ ঘটনা। এই ঘটনা সংঘটিত হৈছে দেওবাৰৰ দিনটোত। ঘটনাৰ পিছতে দুৰ্ভগীয়া শিশুৰ পিতৃ ওচৰ চাপে গাঁও পঞ্চায়তৰ। গোটেই নিশা ধৰি চলে এই বিচাৰ সভা। পিছে কোনো যথোচিত ন্যায় নপোৱাত উত্তৰপ্ৰদেশ আৰক্ষীৰ ওপৰ চাপে পিতৃ।

    আৰক্ষীত গোচৰ তৰাৰ পিছতে সোমবাৰে লগে লগেই অভিযুক্তক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। POCSO Actৰ অধিনত ৰুজু হৈছে গোচৰ। আৰক্ষীৰ জেৰাত সৈ কাঢ়ে অভিযুক্ত যুৱকে নিজৰ কুকৰ্মৰ কথা। ঘটনা সন্দৰ্ভত আজি ন্যায়ালয়ত হাজিৰ কৰোৱা হ’ব অভিযুক্ত জশৱন্ত লোধীক।

    Photo: Time8 Digital

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং