15 C
Guwahati
Tuesday, January 25, 2022
More

    চীনৰ পৰা৩২৪জন ভাৰতীয় উভতিল নিজ দেশলৈ;বিমানত উঠিব নিদিলে ৬ জন ভাৰতীয় ছাত্ৰক

    চীনৰ হুবেইত থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ অৰ্থে এয়াৰ ইণ্ডিয়াৰ দ্বিতীয়খন বিমান ইতিমধ্যেই চীনলৈ ৰাওনা হৈছে

    চীনত কৰোণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ পিছত চীনত থকা ভাৰতীয় লোকসকল ভাৰতলৈ উভতাই আনিবলৈ এয়াৰ ইণ্ডিয়াই বিশেষ বিমানৰ ব্যৱস্থা কৰিছে।

    কিন্তু শনিবাৰে পুৱতি নিশা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানযোগে চীনৰ য়ুহান চহৰৰ পৰা ভাৰতলৈ আহিবলগীয়া ৬ জন ছাত্ৰক তীব্ৰ জ্বৰৰ বাবে বিমানৰ পৰা নমাই দিয়া হয়। চীনৰ চৰকাৰী সূত্রই জনোৱা মতে, ভাৰতীয় ছজন ছাত্র অত্যন্ত জ্বৰত ভূগি থকাৰ বাবে চীনৰ প্রব্রজন বিষয়াই বিমানত উঠিবলৈ নিদিলে৷ এই ৬ জন ছাত্ৰ কৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ছাত্র কেইজনৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে কর্তৃপক্ষই৷

    উল্লেখ্য যে চীনত থকা ৩২৪জন ভাৰতীয় লোক ভাৰতলৈ উভতি আহিছে৷ ইয়াৰে অধিকসংখ্যক ছাত্র–ছাত্রী৷ চীনৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে ২১১গৰাকী ছাত্র–ছাত্রী, ১১০গৰাকী কর্মচাৰী আৰু তিনিটি শিশু শনিবাৰে পুৱা ৭.৩০ বজাত দিল্লীত উপস্থিত হয়। উল্লেখ্য যে চীনৰ হুবেইত থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ অৰ্থে এয়াৰ ইণ্ডিয়াৰ দ্বিতীয়খন বিমান ইতিমধ্যেই চীনলৈ ৰাওনা হৈছে।

    Photo Credit: India TV

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং