29 C
Guwahati
Monday, October 25, 2021
More

    ঘগ্ৰাপাৰ-নলবাৰী-টিহু থানাৰ যৌথ অভিযানত কৰায়ত্ত ৬ গাড়ীচোৰ

    টিহুৰ নাথকুছিত কৰায়ত্ত কৰা হয় দূৰ্বৃত্তৰ দলটোক

    অসম আৰক্ষীৰ বৃহৎ সাফল্য। ঘগ্ৰাপাৰ, নলবাৰী আৰু টিহু থানাৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় ছয়টা কৈ গভাইত গাড়ীচোৰ। গাড়ীচোৰসহ নম্বৰ প্লেট বিহীন এখন অল্টো বাহন জব্দ কৰে আৰক্ষীৰ দলটোৱে৷

    টিহুৰ নাথকুছিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত কৰায়ত্ত দূৰ্বৃত্তৰ দলটোক৷ ঘগ্ৰাপাৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰি পিছা কৰিছিল দূৰ্বৃত্তৰ দলটোৰ৷ পিছত নলবাৰী আৰক্ষীৰ লগত যোগাযোগ কৰাত নলবাৰী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত বহাই নাকা চেকিং৷

    পিছে তাৰ পৰাও পলাবলৈ সক্ষম হয় গাড়ীচোৰৰ দলটো। অৱশেষত টিহুৰ নাথকুছিত কৰায়ত্ত কৰা হয় দূৰ্বৃত্তৰ দলটোক৷ ধৃত ডকাইত কেইটা ক্ৰমে বৰবৰীৰ গোলাপ আলি(২৬), ছুলতান আলি(২৩), মিৰাজুল আলি(২২), কুটুব আলি(২৭), বাইহাটাৰ খাইৰুল আলি(২৪) আৰু গোৰেশ্বৰৰ নজৰুল আলি(২৮)।

    Photo Hirak deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং