30 C
Guwahati
Friday, August 12, 2022
More

    কৰ’ণা সংক্ৰমণৰ ভয়াৱহ ছবি; ষ্টপেজ নথকাত হোজাইত ৰে’লৰ চেইন টানি নামিল ৫৬ যাত্ৰী

    মহাৰাষ্ট্ৰৰ পৰা আহিছিল লোকসকলে

    এফালে প্ৰশাসন ব্যস্ত কৰ’ণা ৰোধত, সাধ্যনুসাৰে অহৰহ চেষ্টা চলািইছে কৰ’ণা সংক্ৰমন ৰোধৰ বাবে। পিছে ইয়াৰ বিপৰীতে এচামে কোনো নিয়ম-নীতি নামানি সুৰক্ষাৰ কথা একেবাৰে উৰুৱাই দিছে। হোজাইত সংঘটিত হৈছে তেনে এক ভয়াৱহ ঘটনা।

    ষ্টপেজ নথকাৰ পিছতো হোজাইত ৰে’লৰ চেইন টানি নামিল বহিঃৰাজ্যৰ পৰা অহা ৫৬গৰাকী যাত্ৰী। মহাৰাষ্ট্ৰৰ পৰা অহা লোকসকলে অবৈধভাৱে ট্ৰেইনৰ চেইন টানি নামিছিল হোজাই ষ্টেচন পোৱাৰ অলৰ আগতেই।

    ট্ৰেইনখনৰ হোজাইত ষ্টপেজ নথকাৰ বাবেই এই কাৰ্য সংঘটিত কৰে ধৃত যাত্ৰী সকলে। পিছে এই কথা জানিব পাৰি লগে লগেই হোজাই ৰে’ল আৰক্ষী আৰু জিআৰপিৰ লোকে কেউগৰাকী যাত্ৰীকে আৱদ্ধ কৰি ৰাখে হোজাই ষ্টেচনত।

    মাজ বাটতে নমা মুঠ ৫৬গৰাকী যাত্ৰীৰ ভিতৰত ৫৫ জন পুৰুষ আৰু এগৰাকী মহিলা সহ এক শিশু আছে। সকলোকে বৰ্তমানে কোৱাৰেণ্টাইনলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে হোজাই প্ৰশাসনে।

    Photo Credit: @biswajit-chakraborty

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং