33 C
Guwahati
Sunday, October 10, 2021
More

    মাটি খান্দোতে খান্দোতে ওলাল সোণৰ প্ৰাচীন মুদ্ৰা, ক’ৰ এই ঘটনা?

    আৰক্ষী বিষয়া এগৰাকীয়ে ক'লে যে ৫০৫টা মুদ্ৰাৰ ভিতৰত ৫০৪টা মুদ্ৰা সমান আকাৰৰ যদিও আন এটা মুদ্ৰা বেছি ডাঙৰ

    তামিলনাডুত সোণৰ প্ৰাচীন মুদ্ৰা উদ্ধাৰ। এটা মন্দিৰৰ সমীপত চলা খননৰ সময়ত পোৱা যায় এই মুদ্ৰাসমূহ। দৰাচলতে এই ঘটনাটো তামিলনাডুৰ তিৰুচিৰাপল্লীৰ থিৰুবনাইকবলস্থিত জম্বুকেশ্বৰ মন্দিৰৰ। খনন কাৰ্য চলি থকাৰ সময়ত ৭ ফুট গভীৰত এটা তামৰ কলহ উদ্ধাৰ হয়, কলহটোত ১.৭১ কিলোগ্ৰাম ওজনৰ ৫০৫টা সোণৰ মুদ্ৰা পোৱা যায়।

    এটা নিউজ এজেঞ্চীয়ে সোণৰ মুদ্ৰাসমূহৰ ফটো শ্বেয়াৰ কৰিছে। য’ত দেখা পোৱা গৈছে যে এটা তামৰ পাত্ৰৰ ভিতৰত মুদ্ৰাসমূহ ৰখা হৈছিল। মন্দিৰ প্ৰশাসনে ক’লে যে এই মুদ্ৰাসমূহত আৰৱী ভাষাত কিবা লিখা আছে।

    মন্দিৰ প্ৰশাসনৰ অনুসৰি জম্বুকেশ্বৰ মন্দিৰত খনন কাৰ্য চলি আছিল, তেতিয়া এটা কলহ দেখা পোৱা গ’ল। যেতিয়া কলহটো খুলি চোৱা হ’ল তাত সোণৰ মুদ্ৰা পোৱা যায়। মন্দিৰ প্ৰশাসনে এই খবৰ পোৱাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে।

    ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কলহটো জব্দ কৰে, কলহটোত যি সোণৰ মুদ্ৰাসমূহ পোৱা গ’ল তাত আৰৱী ভাষাত কিবা লিখা আছিল, বৰ্তমান মুদ্ৰাসমূহৰ মূল্য উল্লেখ কৰা নাই আৰক্ষীয়ে।

    আৰক্ষী বিষয়া এগৰাকীয়ে ক’লে যে ৫০৫টা মুদ্ৰাৰ ভিতৰত ৫০৪টা মুদ্ৰা সমান আকাৰৰ যদিও আন এটা মুদ্ৰা বেছি ডাঙৰ। মুদ্ৰাসমূহ ১০০০ৰ পৰা ১২০০ বছৰ পুৰণি বুলি কোৱা হৈছে, ইয়াৰ আনুমানিক মূল্য প্ৰায় ৬৮ লাখ টকা।

    তথ্য অনুসৰি জিলা কালেক্টৰ চিবাৰাছুয়ে ক’লে যে ইয়াৰ বিষয়ে State Archaeological Departmentক জনোৱা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং