19 C
Guwahati
Friday, November 26, 2021
More

    লকডাউনৰ মাজতে ৰাজ্যৰ নিবনুৱাসকললৈ সুখবৰ; চলিত বৰ্ষত ৫০ হাজাৰ নতুন নিযুক্তি দিব চৰকাৰে

    বাহিৰত আৱদ্ধ হৈ থকা লোকসকলক কেনেদৰে ঘূৰাই আনিব পৰা যায় সেই সন্দৰ্ভতো ৩ বজাত ঘোষণা কৰা হ'ব

    ‘কৰ’নাৰ আতংক তথা লকডাউনৰ মাজতে ৰাজ্যৰ নিবনুৱাসকললৈ এটা সুখবৰ। চলিত বৰ্ষত ৫০ হাজাৰ নতুন নিযুক্তি দিব অসম চৰকাৰে। আজি ৬০০ লোকক নিযুক্তি পত্ৰ দিব অসম চৰকাৰে। চৰকাৰী চাকৰিয়ালে জুন মাহৰ দৰমহা নিৰ্ধাৰিত সময়মতে পাব।’- অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত এই বিশেষ ঘোষণা।

    অসমৰ সংবাদ জগতৰ ৫১ গৰাকী সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীৰ এই বিশেষ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী, ফণীভূষন চৌধুৰী, কেশৱ মহন্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতুল বৰা, মন্ত্ৰী ৰিহন দৈমাৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ অংশগ্ৰহণ এই বৈঠকত।

    সতৰ্কমূলক ব্যৱস্থাৰ বাবে অসমৰ কেইখনমান জিলাত কঠোৰভাৱে ৰেড আৰু অৰেঞ্জ জন ঘোষণা কৰাৰ সম্ভাৱনা। কাইলৈ দুপৰীয়া ৩ বজাত এই সন্দৰ্ভত ঘোষণা কৰা হ’ব। ইয়াৰ অৰ্থ হ’ল তৃতীয় পৰ্যায়ৰ লকডাউনত ৪টা নতুন জন ঘোষণা কৰাৰ সম্ভাৱনা আৰু ইয়াৰ অনুসৰিয়েই সীমাবদ্ধতা থাকিব।

    বাহিৰত আৱদ্ধ হৈ থকা লোকসকলক কেনেদৰে ঘূৰাই আনিব পৰা যায় সেই সন্দৰ্ভতো ৩ বজাত ঘোষণা কৰা হ’ব। ৫ মে’ৰ পিছত প্ৰতিদিনে ৫০০০টা পৰীক্ষা কৰা হ’ব। মুম্বাই এয়াৰ এছিয়াৰ জৰিয়তে ৯৫জন কেঞ্চাৰ ৰোগীক আনিবলৈ বিচাৰিছিল কিন্তু তেওঁলোকে কৰ’ণা মুক্ত প্ৰমাণ পত্ৰ বিচাৰে। পৰীক্ষাত ২জন কৰ’ণা পজিটিভ পোৱা গৈছে।

    অৰ্থনৈতিক অভাৱত উভতি আহিব নোৱাৰা লোকসকলক তিনি মাহৰ বাবে বিত্তীয় সহায়, আৱদ্ধ লোকসকল য’তে আছে তাতে থকাৰ পৰামৰ্শ প্ৰদান বৈঠকত। শিক্ষাৰ্থীসকল, তীৰ্থযাত্ৰী আৰু ৰোগীসকলক ঘূৰি অহাৰ অনুমতি প্ৰদান কৰা হ’ব।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং