25 C
Guwahati
Friday, October 7, 2022
More

    ৫ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ লোমহৰ্ষক ঘটনা হোজাইত

    তেজেৰে লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ শিশুটিৰ মৃতদেহ

    এক জঘন্য কাণ্ডই হোজাইত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৫ বছৰীয়া এটি শিশুক ধৰ্ষণ কৰি হত্যা পাষণ্ডৰ। হোজাই দাৰিয়া বস্তিত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ।

    দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰি জংঘলৰ মাজত পেলাই থৈ যায় শিশুটিক। তেজেৰে লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ শিশুটিৰ মৃতদেহ।

    ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীয়ে আটক কৰিছে বিক্ৰম হৰিজন ওৰফে চন্দন(২৮) নামৰ যুৱকজনক। শিশুটি বুধবাৰৰ আবেলি ২ মান বজাৰ পৰা নিখোজ হৈ আছিল।

    বিক্ৰম হৰিজন ওৰফে চন্দন

    যোৱাকালিৰে পৰা শিশুটিৰ বিচাৰ খোচাৰ চলি আছিল যদিও আজি পুৱাৰ ভাগতহে পৰিয়ালৰ লোকে এডোখৰ নিৰ্জন ঠাইত উদ্ধাৰ কৰে মৃতদেহ। পৰিয়ালৰ লোকে শিশুটিক অন্তিমবাৰ বিক্ৰম ওৰফে চন্দনৰ লগত যোৱা প্ৰত্যক্ষ কৰিছিল।

    Photo Credit: Sohidul Alam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং