27 C
Guwahati
Wednesday, June 29, 2022
More

    নগাঁৱত মাৰণাস্ত্ৰসহ ৫টা দুৰ্ধৰ্ষ ডকাইত আটক আৰক্ষীৰ

    ধৃত ডকাইতকেইটাৰ নাম ক্ৰমে জিয়াবুৰ ৰহমান, ৱাহিদুল ইছলাম, মাৰফৎ আলী, জামছেদ আলী আৰু মফিদুল ইছলাম

    নগাঁও পুৰণিগুদামৰ কাষৰিগাঁৱত নিশা আৰক্ষীৰ জালত পৰিল মাৰণাস্ত্ৰসহ ৫টা দুৰ্ধৰ্ষ ডকাইত। ডকাইত কেইটাৰ পৰা এটা 7.65 পিষ্টল, এটা .22 পিষ্টল আৰু এটা পুতলা পিষ্টলসহ আঠ জাঁই সজীৱ গুলী উদ্ধাৰ। ধৃত ডকাইতকেইটাৰ নাম ক্ৰমে জিয়াবুৰ ৰহমান, ৱাহিদুল ইছলাম, মাৰফৎ আলী, জামছেদ আলী আৰু মফিদুল ইছলাম।

    নগাঁৱৰ দিশৰ পৰা আহি নিশা উকাইতৰ দলটোৱে কোনো স্থানত ডকাইতি কৰাৰ উদ্দেশ্যেৰে অঞ্চলটোত ঘূৰি ফুৰিছিল। গোপন সুত্ৰৰ পম খেদি নগাঁৱৰ DSP কল্যাণ কুমাৰ দাস আৰু পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰদাও গয়াৰীয়ে কাষৰিগাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেইটা ডকাইতকে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং