হোজাই জিলাৰ নখুটিত বন বিভাগৰ সফল অভিযান। অভিযানত পাঁচটা হস্তনিৰ্মিত বন্দুকসহ উদ্ধাৰ প্ৰায় ৩০ কেজি পহুমাংস। লামডিং বনাঞ্চলৰ সমীপৰ ১ নং ছাৰ্থে গাঁৱত চলিছিল বন বিভাগৰ অভিযান।

পহু হত্যা কৰি মাংস লৈ বনাঞ্চলৰ পৰা ওলাই অহাৰ সময়তে বন বিভাগৰ অভিযান। এই অভিযানৰ উমান পাইয়ে মাংস সহ বন্দুক এৰি পলায়ন পাঁচ-ছয় জনীয়া দুৰ্বৃত্তৰ দলটোৰ। লগতে উদ্ধাৰ এখন গছ কটা কৰট।
বিট অফিচাৰ অজিত সিংৰ নেতৃত্বত চলিছিল এই অভিযান। বৰ্তামেন দুৰ্বৃত্তৰ দলটোক বিচাৰি বনাঞ্চলত অব্যাহত আছে অভিযান।
Photo Credit: @biswajit-chakraborty