অখিল গগৈসহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰি নেতাৰ মুক্তিৰ দাবীৰে শিৱসাগৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল।
যোৱা বছৰৰ ডিচেম্বৰ মাহৰ পৰা চৰকাৰৰ স্বেচ্ছাচাৰী নীতিৰ ফলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰি নেতা ক্ৰমে অখিল গগৈ, বিতু সোনোৱাল, ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰ কাৰৰূদ্ধ হৈ আছে।
ডিচেম্বৰ মাহৰ ১১ তাৰিখে মাওবাদীৰ লগত সম্পৰ্ক থকাৰ অভিযোগত কৃষক মুক্তি সংগ্ৰাম সমিতি নেতা অখিল গগৈক নিয়াই গ্ৰেপ্তাৰ কৰিছিল।
তাৰ পৰিৱৰতী সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক মুক্তিৰে অন্য তিনি নেতা বিতু, ধৈয্য আৰু মানসক।
এই চাৰি নেতাক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন জিলাৰ এখনৰ পাছত আনখন থানাত কা বিৰোধী আন্দোলনত শান্তি – শৃংখলা ব্যাঘাত কৰাৰ অভিযোগত গোচৰ পঞ্জীয়ন কৰিছিল।
আৰু সেই গোচৰৰ ভিত্তিতেই এখন জেলৰ পৰা আনখন জেললৈ ঘূৰাই ফুৰোৱা হৈছিল অখিল গগৈক।

কৰ’ণা ভাইৰাছৰ আতংকৰ সময়তো মানৱতাৰ খাতিৰত মুক্তি দিয়া নাই অখিল গগৈ আৰু আনসকলক।
চৰকাৰৰ এনে স্বেচ্ছাচাৰীতাৰ তীব্ৰ বিৰোধিতা কৰি আজি শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সমিতিয়ে নগৰৰ ষ্টেচন চাৰিআলিত এক মানৱ শৃংখল কায্যসূচী ৰূপায়ন কৰে।
ছাত্ৰ মুক্তিৰ সদস্য সকলে ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অখিল গগৈকে ধৰি চাৰি নেতাৰ মুক্তি দাবী উত্থাপন কৰে।
লগতে চৰকাৰৰ এনে অমানৱীয় কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
এই প্ৰতিবাদৰ পিছতেই ইয়াৰে পাঁচজন প্ৰতিবাদকাৰীক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে।
আটকাধীন লোক কেইজন ক্ৰমে ছাত্ৰ মুক্তি কেন্দ্ৰিয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকা, শিৱসাগৰ জিলা যুটীয়া সম্পাদক মানস দত্ত।
কৃষক মুক্তি শিৱসাগৰ জিলা যুটীয়া সম্পাদক প্ৰণয় হাজৰিকা, কৃষক মুক্তিৰ গৌতম বেজবৰুৱা আৰু ৰুবুল আলি।
Photo Credit: @sanjaypareek