23.4 C
Guwahati
Wednesday, October 20, 2021
More

    কা বিৰোধী আন্দোলনত বিধ্বস্ত ডিব্ৰুগড়; গ্ৰেপ্তাৰ ৪৫

    গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি হ'ব পাৰে বুলি জনালে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই

    কা বিৰোধী আন্দোলনত সমগ্ৰ অসমৰ লগতে জ্বলিছিল ডিব্ৰুগড়। কিন্তু গণতান্ত্ৰিক প্ৰতিবাদৰ নামত একাংশ দুস্কৃতিকাৰীয়ে ধ্বংস কৰিলে কোটি কোটি টকাৰ ৰাজহুৱা সম্পত্তি।তাৰ মাজতে ৰেল বিভাগৰ ডেৰ কোটি টকাৰ সম্পত্তি ভাঙি জ্বলাই নষ্ট কৰিলে প্ৰতিবাদকাৰীৰ নামত অহা একাংশ দুৰ্বৃত্তই। তৈলক্ষেত্ৰত ক্ষতিৰ পৰিমাণ ৭০-৮০ কোটি হোৱাৰ বিপৰীতে পঞ্চায়তৰ কাৰ্যালয় আৰু সম্পত্তি লোকচান কোটি টকাতকৈয়ো বেছি বুলি জনাইছে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই।

    তদুপৰি আন আন চৰকাৰী কাৰ্যালয়ৰ সা-সম্পত্তিৰ ক্ষয় ক্ষতিৰ পৰিমাণ এতিয়াও নিৰ্দ্ধাৰিত হোৱা নাই। কিন্তু তাৰ মাজতে এই পৰিস্থিতি শাম কটাৰ পিছত বৰ্তমানলৈকে আৰক্ষীয়ে দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৪৫জনকৈ লোকক। পিছে গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধিও হব পাৰে বুলি জনালে জিলা উপায়ুক্তগৰাকীয়ে।

    ইফালে জিলা প্ৰশাসনৰ আইটি চেলক অধিক শক্তিশালী কৰা বুলি উল্লেখ কৰি জিলা উপায়ুক্তগৰাকীয়ে ছচিয়েল মিডিয়াত চোকা নজৰ ৰাখিছে বুলি জানিবলৈ দিয়ে। লগতে জিলা উপায়ুক্তগৰাকীয়ে ছচিয়েল মিডিয়াত উৰা বাতৰি নিবিয়পাবলৈ আহ্বান জনাইছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং