33 C
Guwahati
Monday, October 11, 2021
More

    এজন দুজন নহয় ৪০০জন লোকক কোৱাৰাইণ্টাইন মৰিয়নীত

    নাগালেণ্ডৰ পৰা নিজৰ ঘৰলৈ যাবৰ বাবে খোজকাঢ়ি আহিছিল এইসকল লোকে

    মৰিয়নী নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বালিকা বিদ্যালয়ত ৪০০জন লোকক কোৱাৰাইণ্টাইন। যোৰহাট জিলা প্ৰশাসনে এই বৃহৎ লোকক কৰিছে কোৱাৰাইণ্টাইন। নাগালেণ্ডৰ পৰা নিজৰ ঘৰলৈ যাবৰ বাবে খোজকাঢ়ি আহিছিল এইসকল লোকে।

    নাগালেণ্ডৰ বিভিন্ন অঞ্চলৰ কয়লা খনিত শ্ৰমিকৰূপে কাম কৰিছিল অসমৰ এইসকল লোকে। দেশত কৰ’ণা মহামাৰীৰ বাবে লকডাউন ঘোষণাৰ পিছতে নাগালেণ্ডত আৱদ্ধ হৈ পৰে এই সকল লোক। পিছত তীব্ৰ খাদ্য সংকটত ভূগি এই চাৰি শতাধিক লোকে উপায়ন্তৰ হৈ খোজকাঢ়িয়েই ঘৰলৈ উভতনি যাত্ৰা কৰে নাগালেণ্ডৰ পৰা।

    জানিব পৰা মতে এই শ্ৰমিকসকলৰ ঘৰ উজনি অসমৰ গোলাঘাট, তিতাবৰ, বৰহোলা, বোকাজান, ডিফু, উৰিয়ামঘাট আৰু কাৰ্বিআংলঙত। অসম সীমান্তত প্ৰৱেশৰ পিছতে আটাইকে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত ১৪দিনৰ বাবে কোৱাৰাইণ্টাইন কৰে প্ৰশাসনে।

    Photo Credit: @sopoonrehmansaikia

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং