29 C
Guwahati
Wednesday, October 13, 2021
More

    বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি ন’গল ৪টি শিশু;অগ্নিদগ্ধ হৈ সাৱটিলে কৰুণ মৃত্যু

    ৮ জন ছাত্ৰক সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ঘটনাৰ সমীপৰ খেতি-পথাৰত ব্যস্ত থকা লোকসকলে

    পঞ্জাৱত সংঘটিত হৈছে এক কৰুণ ঘটনা। বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি গৈ থকা অৱস্থাত মৃত্যুক আঁকোৱালি লয় ৪টিকৈ শিশুৱে। ঘটনাটো ঘটে শনিবাৰে বিয়লি পঞ্জাৱৰ সংগৰুৰ জিলাত। সংগৰুৰ জিলাৰ লংগৱাল নগৰৰ সংগৰুৰত চিমৰন পাব্লিক স্কুলৰ ভান এখনে বিদ্যালয়ৰ পৰা ১২টিকৈ কণমানি ছাত্র–ছাত্রীক ঘৰলৈ ওভতাই লৈ যোৱাৰ সময়তে বাহনখনৰ যান্ত্রিক বিজুতি ঘটাত অগ্নিসংযোগ হয় আৰু বাহনখনত আৱদ্ধ ৪টি শিশুৱে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয়।

    প্ৰতিজনৰে বয়স ৪-৫ বছৰৰ ভিতৰত। মৃত্যু হোৱাসকলৰ ভিতৰত এজনী ৩ বছৰীয়া ছোৱালীও আছিল, যি এইবাৰ প্ৰথমবাৰৰ বাবে স্কুলৰ দুৱাৰদলিত ভৰি দিছিল। ভানখনৰ চালকে দৰ্জা খুলিবলৈ আটাইকে ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। ৮ জন ছাত্ৰক সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ঘটনাৰ সমীপৰ খেতি-পথাৰত ব্যস্ত থকা লোকসকলে। সমগ্ৰ ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰিবলৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। মৃতকৰ পৰিয়াললৈ ৭.২৫ লাখ টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে পঞ্জাৱ চৰকাৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং