অতিকে মৰ্মান্তিক ঘটনা, ভূমিস্খলন হৈ একেটা পৰিয়ালৰে চাৰিজনকৈ লোকৰ মৃত্যু। অৰুণাচলত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলন।
অসংৰ চুবুৰীয়া ৰাজ্য খনৰ দুইমুখৰ টিগদো ভিলেজত ১০ জুলাই শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২.৩০ মান বজাত সংঘটিত হৈছে এই ঘটনা।

৩ মান বজাত দুইমুখৰ আৰক্ষী থানাৰ অচি Inya Ete-য়ে ঘটনা সন্দৰ্ভত জানিব পাৰি লগে লগেই উপস্থিত হয় ঘটনাস্থলিত।
টানা নাকা নামৰ লোক জনৰ পুত্ৰ টানা মাৰ্টিনে নতুনকৈ পাহাৰ কাটি নিৰ্মান কৰা বাসগৃহত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, মৃত চাৰিজনৰ ভিতৰত তিনিটি শিশু আছিল। মাটিৰ তলত পোত খাাই থকা অৱস্থাত আছিল মৃতদেহকেইটা।
পুৱতি নিশাই দুইমুখ আৰক্ষী উপস্থিত হৈ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে চাৰিওটা মৃতদেহ।
Photo Credit: @hassinuralom