চামগুৰিত শনিবাৰে নিশা নগাঁও আৰক্ষীয়ে চলাইছিল এই অভিযান। অভিযানত জব্দ জালনোট তৈয়াৰী যন্ত্ৰ আৰু ৪ লাখ টকাৰ নকল নোট। চামগুৰিৰ গেন্ধালিৰ ক্ষীৰোদ বৰগোহাঞি নামৰ এজন লোকৰ ঘৰত চলাইছিল এই অভিযান।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ৬ জনকৈ জালনোট ব্যবসায়ীক। ধৃত সুৰুজ আলী, ৰছিদ আলী, বিল্লাল হুছেইন, মহিম গগৈ, ক্ষীৰোদ বৰগোঁহাঞি আৰু কামালুদ্দিন।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান।
Samaguri | Edited by: Dulu Medhi