16 C
Guwahati
Thursday, January 13, 2022
More

    মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৪জন, আহত এজন

    মৃত লোককেইজনৰ ভিতৰত ৩ জন বালি কঢ়িওৱা ট্ৰাকৰ আৰু এজন মালবাহী ট্ৰাকৰ। আনহাতে আহতজনো মালবাহী ট্ৰাকৰ

    দক্ষিণ কামৰূপৰ মিৰ্জাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মিৰ্জাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন দ্ৰুতবেগী বালিভৰ্তি ট্ৰাক আৰু গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এখন মালবাহী ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

    এই দুৰ্ঘটনাত থিতাতে ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক আহত হয়। আহত লোকজনক সংকটজনক অৱস্থাত নিশাই GMCHলৈ প্ৰেৰণ কৰা হয়। মৃত লোককেইজনৰ ভিতৰত ৩ জন বালি কঢ়িওৱা ট্ৰাকৰ আৰু এজন মালবাহী ট্ৰাকৰ। আনহাতে আহতজনো মালবাহী ট্ৰাকৰ।

    নিশা ঘটনাস্থলীত পলাশবাৰীৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি পলাশবাৰী থানালৈ অনাৰ লগতে দুয়োখন গাড়ী উদ্ধাৰ কৰি থানালৈ লৈ যায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং