25 C
Guwahati
Thursday, October 21, 2021
More

    হাইদৰাবাদ ধৰ্ষণকাণ্ডৰ ৪ নৰপিশাচক গুলীয়াই হত্যা; দেশজুৰি প্ৰশংসিত আৰক্ষী আয়ুক্ত ভি চি সজ্জানাৰ

    হায়দৰাবাদৰ বলাৎকাৰ কাণ্ড চাৰি অভিযুক্তক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ পিছতে এতিয়া ব্যাপকভাৱে চৰ্চিত আৰু প্ৰশংসিত হৈছে আৰক্ষী আয়ুক্ত ভি চি সজ্জানাৰ

    বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰা হাইদৰাবাদ ধৰ্ষণকাণ্ডৰ ৪ অভিযুক্তক হাইদৰাবাদৰ ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গুলীয়াই হত্যা কৰা হৈছে। নিশা তদন্তৰ বাবে ঘটনাস্থলীলৈ নিওতে পলাবলৈ চেষ্টা কৰাৰ সময়তে ৪ নৰপিশাচক গুলীয়াই হত্যা কৰাৰ কথা সদৰী কৰে হাইদৰাবাদৰ আৰক্ষী আয়ুক্ত ভি চি সজ্জানাৰে।

    Photo Credit : Swarajya

    উল্লেখ্য যে ২৯ নৱেম্বৰত এগৰাকী পশু চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰি জীৱন্তে জ্বলাই হত্যা কৰিছিল মহম্মদ পাছা, নবীন, চিন্তাকুন্তা কেশাৱুলু আৰু শিৱা নামৰ ৪টা নৰপিশাচে। ২৯ নৱেম্বৰত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ৭ দিনৰ বাবে ন্যায়িক জিম্মাত আছিল পাষণ্ডকেইটা। হায়দৰাবাদৰ বলাৎকাৰ কাণ্ড চাৰি অভিযুক্তক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ পিছতে এতিয়া ব্যাপকভাৱে চৰ্চিত আৰু প্ৰশংসিত হৈছে আৰক্ষী আয়ুক্ত ভি চি সজ্জানাৰ। অভিযুক্তৰ মৃত্যুত ভুক্তভোগী চিকিৎসকগৰাকীৰ পৰিয়ালৰ লগতে আনন্দিত সমগ্ৰ দেশবাসী।

    Photo Credit : oneindia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং