27 C
Guwahati
Wednesday, December 1, 2021
More

    বৰপেটাৰ হাউলীত আৰক্ষীৰ জিম্মাত ৪টা ডকাইত

    ধৃত ডকাইতকেইটা নলবাৰী মুকালমুৱাৰ মুজাকিৰ হুছেইন, দেবব্ৰত হৰিজন, বৰপেটা হাউলীৰ চাইফুল ইছলাম খান আৰু নুৰজামাল হক

    বৰপেটাৰ হাউলীত পুৱতি নিশা ৪টা ডকাইতক গ্ৰেপ্তাৰ কৰে হাউলী আৰক্ষীয়ে। ধৃত ডকাইতকেইটা নলবাৰী মুকালমুৱাৰ মুজাকিৰ হুছেইন, দেবব্ৰত হৰিজন, বৰপেটা হাউলীৰ চাইফুল ইছলাম খান আৰু নুৰজামাল হক। হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত হাউলীৰ মৈৰামাৰাত গ্ৰেপ্তাৰ কৰে ডকাইতকেইটাক।

    ডকাইতকেইটাৰ পৰা জব্দ দুটা পুতলা পিষ্টল, দুটা সজীৱ গুলী আৰু এখন এল্ট’ বাহন। আনহাতে নলবাৰীৰ মুকালমুৱাৰ ৰমজান আলী আৰু মনোৱাৰ হুছেইন নামৰ ডকাইত দুটা আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পলায়ন কৰে।

    বৰপেটা, হাউলী বা বৰপেটাৰোড চহৰত ডকাইতিৰ উদ্দেশ্যে আহিছিল ডকাইতৰ দলটো। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ডকাইতৰ দলটোৰ বিৰুদ্ধে অভযান চলাই গ্ৰেপ্তাৰ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং