17 C
Guwahati
Tuesday, November 22, 2022
More

    আজিৰে পৰা গুৱাহাটীত ‘খেলো ইণ্ডিয়া’ৰ দুৱাৰ মুকলি

    ১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ চলিব বৃহৎ প্ৰতিযোগিতাখন। দেশৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা হিচাপে চিহ্নিত হোৱা খেলো ইণ্ডিয়া য়ুথ গেইমছত দেশৰ ৩৭খন ৰাজ্যই অংশ ল'ব

    কাউণ্ট ডাউনৰ পৰিল অন্ত। আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব তৃতীয় সংখ্যক খেলো ইণ্ডিয়া য়ুথ গেইমছ। আজি সন্ধিয়া ৬ বজাত সৰুসজাই ষ্টেডিয়ামত বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গেমছৰ শিখা কঢ়িয়াই আনিব দেশৰ তাৰকা এথলীট হিমা দাসে।

    ১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ চলিব বৃহৎ প্ৰতিযোগিতাখন। দেশৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা হিচাপে চিহ্নিত হোৱা খেলো ইণ্ডিয়া য়ুথ গেইমছত দেশৰ ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৬,৮০০ গৰাকী তৰুণ এথলীটে অংশ ল’ব।

    আৰ্চাৰী, বাস্কেটবল, বেডমিণ্টন, বক্সিং, ফুটবল, জিমনাষ্টিক, হকী, জুডো, কাবাদী, খো-খো,শ্বুটিং, ছুইমিং, টেবল টেনিছ, লন টেনিছ, ভলীবল, ৱেট লিফটিং, ৰেচলিং আদিৰ দৰে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। দেশৰ উদীয়মান খেলুৱৈ সকলক চিনাক্তকৰণ তথা উদগণি প্ৰদানৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলো ইণ্ডিয়া যুথ গেইমছ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল।

    Photo Credit: kheloindia.gov.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং