29 C
Guwahati
Monday, October 25, 2021
More

    ৬দিন ধৰি যাতায়ত ব্যাহত আমিনগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত

    আজি ষষ্ঠ দিনাও ব্যাহত হৈ আছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত। বহু চেষ্টা কৰিও সফল হোৱা পথছোৱা মুকলি কৰিবলৈ।

    আমিনগাঁৱৰ জয়গুৰুত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ফলত ব্যাহত ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমানেও হোৱা নাই সম্পূৰ্ণ মুকলি।

    ৩১নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ মুকলি হ’বলৈ পুনৰ সময় লাগিব দুইৰ পৰা তিনিদিন।

    ভাৰতীয় BORDER ROAD ORGANIZATION ৰ HQ 127 RCC GENRAL RESERVE ENGINEER FORCE বাহিনীয়ে ব্যাহত হৈ থকা পথ মুকলিৰ বাবে দিনে নিশাই কৰি আছে অপ্ৰান চেষ্টা।

    সাধাৰণ বিস্ফোৰণেৰে পথ মুকলি নহোৱাতএতিয়া প্ৰশাসনে ইলেক্ট্ৰিক ব্লাষ্টিং ব্যৱহাৰ কৰিছে।

    ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিল মুকলিৰ বাবে কামৰূপ জিলা প্ৰশাসনে বৰ্তমানলৈকে ব্যৱহাৰ কৰিছে মুঠ ৬৩ টাকৈ বিস্ফোৰক।

    উল্লেখ্য যে, বিপদমুক্তভাৱে পথ মুকলি কৰাৰ ক্ষেত্ৰত অনবৰতে প্ৰশাসনক পৰামৰ্শ প্ৰদান কৰি আছে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ভূতত্ব বিভাগৰ অধ্যাপকে।

    ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গাফিলতিৰ ফল ভুগিছে সৰ্বসাধাৰণে। বিপদমুক্ত নহোৱা পৰ্য্যন্ত বন্ধ থাকিব পথছোৱা।

    Photo Credit: @nitopammedhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং