27 C
Guwahati
Wednesday, June 29, 2022
More

    চৰকাৰী নিয়মক অংগুষ্ঠ! কৃষ্ণাই আৰক্ষীৰ সমুখেৰেই ৩০-৩৫টন কয়লা সৰবৰাহ

    সম্প্ৰতি কৃষ্ণাই নৈ দলং খন কৃষ্ণাইৰ আৰক্ষীৰ বাবে খীৰতী গাইত পৰিণত হৈছে

    নিশা অন্ধকাৰ নামি আহিলেই মেঘালয়ৰ পৰা নামি আহে কয়লা ভৰ্তি বহু ট্ৰাক। গোৱালপাৰাৰ মাজৰে মেঘালয়ৰ পৰা নিতৌ সৰবৰাহ হয় কয়লা।

    কিন্তু চৰকাৰী নিয়ম ভংগ কৰি ৯ টনৰ সলনি ৩০/৩৫ টনকৈ কয়লা সৰবৰাহ হয়। পিছে ইমানৰ পিছতো নিৰ্বিকাৰ গোৱালপাৰাৰ আৰক্ষী প্ৰশাসন।

    ইফালে কয়লা ট্ৰাকৰ বাবে কৃষ্ণাইত চলিছে আৰক্ষীৰ ৰমৰমীয়া বেহা।

    স্থানীয় লোকৰ পৰা জানিব পৰা মতে আৰক্ষী নিজেই নামি পৰিছে অবৈধ বেহাৰ কামত।

    কৃষ্ণাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ব্ৰেইলী দলংত কৃষ্ণাই আৰক্ষীয়ে প্ৰতিটো নিশাই ঘটিছে লাখ লাখ টকা।

    কেনেকৈ ঘটে এই ধন? জানিব পৰা মতে প্ৰায় তিনি বছৰ পুৰ্বৰে বানপানীত ক্ষতিগ্ৰস্ত হৈছিল ৰাষ্ট্ৰীয় ঘইপথৰ দলংখন।

    ক্ষতি গ্ৰস্থ হোৱাৰ বাবে গড়কাপ্টানী বিভাগে এখন ব্ৰেইলী দলং সাজি দিয়ে। সেই ব্ৰেইলী দলংৰ বহন ক্ষমতা মাত্ৰ ১২ টন।

    এই সুবিধা গ্ৰহণ কৰি প্ৰতিটো নিশা কৃষ্ণাইৰ আৰক্ষীয়ে ৩০/৩৫ টন কয়লা ভৰ্ত্তি ট্ৰাক পাৰ কৰিছে টকাৰ বিনময়ত।

    কৃষ্ণাই নৈৰ দলং পাৰ হ’বলৈ প্ৰতিখন ট্ৰাকে আৰক্ষীক দিব লাগে ১০/১৫ হাজাৰ টকা।

    কোনো এখন ট্ৰাকৰ চালকে মাত মাতিব নোৱাৰে ইয়াৰ বিৰুদ্ধে।

    সম্প্ৰতি কৃষ্ণাই নৈ দলং খন কৃষ্ণাইৰ আৰক্ষীৰ বাবে খীৰতী গাইত পৰিণত হৈছে।

    দলংখন মেৰামতি তথা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰতো চৰকাৰ তথা প্ৰশানৰ নাই কোনো ধৰণৰ পদক্ষেপ।

    Photo Credit: @monzuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং