28 C
Guwahati
Tuesday, October 4, 2022
More

    ভয়ংকৰ ত্ৰিপুৰা, এদিনতে বৃদ্ধি ৩০ জন কভি’ড আক্ৰান্ত

    বৰ্তমান ত্ৰিপুৰাত কৰ'ণা আক্ৰান্ত সংখ্যা ১১৮ লৈ বৃদ্ধি

    ত্ৰিপুৰাত ভয়ংকৰ হৈ পৰিছে মহামাৰী কৰ’ণা। ৰাজ্যখনত অতিপাত সংক্ৰমণ হৈছে কৰ’ণা ভাইৰাছ। নতুনকৈ ৩০ জন Covid19 ত আক্ৰান্ত। ৮৬ নং বি এছ এফ কলনি ৰূপান্তৰিত হৈছে কৰ’ণা হটস্পট জ’নলৈ।

    শুকুৰবাৰেও কলনিটোত ২৫ গৰাকী জোৱানৰ দেহত ধৰা পৰিল কৰ’ণা। আনহাতে অন্য চাৰিজন কভিডত আক্ৰান্ত বি এছ এফ জোৱানৰ পৰিয়ালৰ সদস্য আৰু এজন ট্ৰাক ড্ৰাইভাৰ। মুঠতে শুকুৰবাৰৰ দিনটোত ৩০ গৰাকী লোকৰ দেহত কৰ’ণা ধৰা পৰিছে ত্ৰিপুৰাত।

    বৰ্তমান ত্ৰিপুৰাত কৰ’ণা আক্ৰান্ত সংখ্যা ১১৮ লৈ বৃদ্ধি। ইয়াৰে ২ গৰাকী আৰোগ্য হোৱাৰ বিপৰীতে ১১৬ গৰাকী বৰ্তমানেও চিকিতসাধীন।

    Photo Credit: Indian Express

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং