জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তীপুৰাত সেনাৰ গুলীত নিহত হৈছে ৩ সন্ত্ৰাসবাদী। আজি কাহিলী পুৱাতে ভাৰতীয় সেনাই দক্ষিণ কাশ্মীৰৰ অৱন্তীপুৰাত সন্ত্ৰাসবাদী বিৰোধী অভিযান চলায়।

অৱন্তীপুৰাৰ গৌৰীপাৰাত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল সেনাই।এই অভিযানত সেনাৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদীৰ দুজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে।সেই স্থানত বৰ্তমানেও সেনাই অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান।