দৌলোৎসৱৰ সুঁৱেৰীৰ মাজতে বৰপেটাত কৰুণ ঘটনা৷ পুখুৰীত পৰি তিনিজনী কিশোৰীৰ মৃত্যু৷ সম্পৰ্কত তিনিও বাই-ভনী। বৰপেটা মেডিকেল কলেজ হস্পিতালৰ পিচফালৰ যঁতিগাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা৷ মৃত কিশোৰী কেইগৰাকী ৰিতুস্মিতা নাথ, প্ৰীতিৰেখা নাথ, মৃদুস্মিতা দাস৷ হোলী খেলাৰ পিছতে এটা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰীকেইজনী ৷
ৰিতুস্মিতা নাথ আৰু প্ৰীতিৰেখা নাথ দুয়োজনী নিজ ভগ্নী৷ আনহাতে মৃদুস্মিতা দাস সম্পৰ্কীয় ভগ্নী৷ নিজ ঘৰৰ পিছফালে থকা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰীকেইগৰাকী৷ কিশোৰীকেইগৰাকী পুখুৰীত ককবকাই থকা দেখি এজন যুৱকে উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও বচাব নোৱাৰিলে কিশোৰীকেইজনীক৷
পিছত মৃত অৱস্থাত পুখুৰীটোৰ পৰা উদ্ধাৰ কৰে তিনিওজনী কিশোৰীৰ মৃতদেহ৷ পৰিয়ালৰ লোকে কিশোৰী তিনিজনীক বৰপেটা মেডিকেল কলেজ হস্পিতাললৈ লৈ আহে যদিও চিকিৎসকে তিনিওকে মৃত বুলি ঘোষণা কৰে৷ সলিল সমাধি ঘটা মধুস্মিতা দাস নামৰ কিশোৰীজনী দীনেশ দাসৰ কন্যা৷ দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল মধুস্মিতা দাস(১৬)।
আনহাতে সত্যজিৎ নাথৰ দুই কন্যা ক্ৰমে ৰিতুস্মিতা নাথ (১৪) আৰু প্ৰীতিৰেখা নাথ(১২)। অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল ৰিতুস্মিতা নাথ৷ আনহাতে প্ৰীতিৰেখা নাথে ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি আছিল ৷ এই ঘটনাই সুঁৱেৰীৰ আনন্দ ম্লান কৰি শোকৰ ছাঁ পেলাইছে বৰপেটাত৷
Photo: Time8