১৫ লাখ টকাৰ কানিসহ মহানগৰীৰ লজত তিনি সৰবৰাহকাৰীক আটক মহানগৰ আৰক্ষীৰ। ম্যানমাৰৰ পৰা কানিখিনি অনাৰ কথা স্বীকাৰ কৰিছে আটকাধীন তিনি সৰবৰাহকাৰীয়ে৷

দেওবাৰে পুৱা ৬ বজাত লজটোত উপস্থিত হৈ ৩ নগা লোকে ভাড়াত লৈছিল ১২নং কোঠাটো। গোপন তথ্যৰ ভিত্তিত পুৱা ৭ মান বজাত লজটোত ক্ৰাইম বাঞ্চৰ এটা বৃহৎ দলে অভিযান চলাই তিনি নগা সৰবৰাহকাৰী সহ জব্দ কৰে বৃহৎ পৰিমাণৰ কানি।

কিন্ত গুৱাহাটীত কাৰ হাতত কানিখিনি বিক্ৰীৰ বাবে আনিছিল সেই সম্পৰ্কে বৰ্তমানলৈ মুখ খোলা নাই সৰবৰাহকাৰী কেইটাই। জেৰা অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে।
Photo Credit: Smita Rani Deka