26 C
Guwahati
Tuesday, December 6, 2022
More

    বিহাৰত উদ্ধাৰ বাক্সাৰ ৩ নিৰুদ্দিষ্ট কিশোৰ

    দুখন চাইকেল লৈ থমনাৰ ৰাস চাম বুলি ঘৰৰ পৰা ওলাই গৈছিল লক্ষ্মীপুৰ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ তিনিজন৷ কিন্তু ঘৰৰ পৰা ওলাই গৈ তিনিওজনে চাইকেল দুখন বিক্ৰী কৰি প্ৰথমে গুৱাহাটী আৰু পিছত বিহাৰলৈ যায়

    বাক্সাৰ পৰা নিৰুদিষ্ট হোৱা ৩ কিশোৰক বিহাৰত উদ্ধাৰ৷ যোৱা ১৬ নৱেম্বৰত নিৰুদ্দেশ হৈছিল মুছলপুৰৰ নিকতৱৰ্তী লক্ষ্মীপুৰ এ ব্লকৰ তিনি কিশোৰ৷

    মুছলপুৰৰ নিকটৱৰ্তী থমনাত ৰাস চাবলৈ গৈ নিৰুদ্দিষ্ট হৈছিল সঞ্জু দাস, নবীন কলিতা আৰু বীৰেন দাস নামৰ কিশোৰ তিনিজন৷ নিকাছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুন্দ দাসৰ তৎপৰতাত বিহাৰৰ বৈশালী জিলাৰ হাজিপুৰ ৰেলেৱে ষ্টেচনত চাইল্ড লাইনৰ সহযোগত আজি কিশোৰ তিনিজনক উদ্ধাৰ কৰা হয়৷

    কিশোৰ তিনিজনে জানিবলৈ দিয়া মতে নতুন ঠাই চোৱাৰ বাবে ৰে’লত উঠি গুচি গৈছিল বিহাৰলৈ৷ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত নিকাছি আৰক্ষীয়ে অনুসন্ধান চলাই চাইল্ড লাইনৰ সহযোগত হাজিপুৰ ৰে’লৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিশোৰ কেইটাক৷

    উল্লেখ্য যে বিগত ১৬ নৱেম্বৰ তাৰিখে দুখন চাইকেল লৈ থমনাৰ ৰাস চাম বুলি ঘৰৰ পৰা ওলাই গৈছিল লক্ষ্মীপুৰ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ তিনিজন৷ কিন্তু ঘৰৰ পৰা ওলাই গৈ তিনিওজনে চাইকেল দুখন বিক্ৰী কৰি প্ৰথমে গুৱাহাটী আৰু পিছত বিহাৰলৈ যায়৷ আজি কিশোৰ তিনিজনক উদ্ধাৰ কৰি নিকাছি আৰক্ষী চকীত উপস্থিত হয় আৰক্ষীৰ দলটো৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং