26 C
Guwahati
Thursday, September 29, 2022
More

    ডিব্ৰুগড়ত ৩টাকৈ বাঘৰ পোৱালি উদ্ধাৰত আতংকিত জনসাধাৰণ

    বনবিভাগে প্ৰত্যক্ষ কৰাৰ বাহিৰে একো কৰিব নোৱাৰিলে। কাৰণ বাঘৰ পোৱালিকেইটা লৈ আহিলে বাঘ-বাঘিনীয়ে অঞ্চলটোত চলাব পাৰে উপদ্ৰৱ

    ডিব্ৰুগড়ত এইবাৰ বাঘ নহয়,বাঘৰ পোৱালি উদ্ধাৰ। ডিব্ৰুগড়ৰ হাতীগড়ত তিনিটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ। মণ্টু ছবৰ নামৰ লোকজনৰ বাসগৃহৰ পিছফালে উদ্ধাৰ পোৱালি কেইটা। লোকজনে নিজৰ বাৰী চাফা কৰোতে প্ৰত্যক্ষ কৰে বাঘৰ পোৱালী। ডিব্ৰুগড় নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত নাহৰফুটুকী বাঘে দীৰ্ঘদিনৰ পৰা উপদ্ৰৱ চলাই অহাৰ পাছত এইবাৰ নাহৰফুটুকী বাঘে পোৱালী দিলে এঘৰ লোকৰ বাৰীত।

    মণ্টু ছৱৰ নামৰ লোকজনে নিজৰ বাৰীত জেওৰা দিয়াৰ বাবে হাবি কটা সময়তে দেখিছিল বাঘৰ পোৱালিকেইটা। প্ৰথমে হেঁপাৰ পোৱালি বুলি ভাবিছিল যদিও বাঘৰ পোৱালি বুলি জানিব পাৰি হুৱাদুৱা লাগে সমগ্ৰ চাহ জনগোষ্ঠী বসতিপ্ৰধান অঞ্চলটোত।

    আনহাতে স্থানীয় লোকে ডিব্ৰুগড়ৰ বনবিভাগক খবৰ দিয়ে যদিও বনবিভাগৰ এটা দলে গৈ প্ৰত্যক্ষ কৰাৰ বাহিৰে একো কৰিব নোৱাৰিলে। কাৰণ বাঘৰ কণমানি পোৱালি কেইটা লৈ আহিলে বাঘ আৰু বাঘিনীয়ে যিকোনো সময়তে ভয়ংকৰ ৰূপ লৈ অঞ্চলটোত উপদ্ৰৱ চলাব পাৰে।

    বাঘৰ পোৱালিক নিজ চকুৰে চোৱাৰ বাবে বকপাৰা হাতীগড়লৈ সোঁত বৈছে উৎসুক ৰাইজৰ। ডিব্ৰুগড়ত নাহৰফুটুকী বাঘ ইয়াৰ পূৰ্বে গৃহস্থৰ হাঁহৰ গঁড়াল, গৃহস্থৰ শোৱনি কোঠা, গৃহস্থৰ পাকঘৰত সোমোৱাৰ পাছত জনবসতি প্ৰধান অঞ্চলটোত বাঘৰ পোৱালি জন্ম দিয়াৰ ঘটনাত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।

    Photo Credit:@abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং