22 C
Guwahati
Thursday, January 20, 2022
More

    কাম দিয়াৰ প্ৰলোভনেৰে বাংগালুৰুলৈ নিয়া ৩ কিশোৰীক উদ্ধাৰ তামুলপুৰ-নাগ্ৰিজুলি আৰক্ষীৰ

    কিশোৰী ৩ গৰাকীয়ে বাংগালুৰুৰ পৰা কৰ্ণাটকলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে বাংগালুৰুৰ 'তালাচ' নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই কিশোৰী কেইগৰাকীক সোধপোছ কৰে। কিশোৰী কেইগৰাকীৰ পৰা কোনো সুদুত্তৰ নোপোৱাত ' তালাচ' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে কিশোৰী কেইগৰাকীয়ে দুষ্ট চক্ৰৰ কবলত পৰা বুলি নিশ্চিত হয়

    ৰাজ্যত অতি সম্প্ৰতি বৃদ্ধি পাইছে মানৱ সৰবৰাহকাৰীৰ তৎপৰতা। নিবনুৱা সমস্যাৰ গইনা লৈ এচাম দুষ্ট চক্ৰই প্ৰতিদিনে অসমৰ ভিতৰুৱা অঞ্চলৰ পৰা সৰবৰাহ কৰি আহিছে মানৱ সম্পদ। এনে এক ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ নাগ্ৰিজুলিত৷ কিছুদিন পূৰ্বে বৃহত্তৰ নাগ্ৰিজুলি অঞ্চলৰ ৩ গৰাকী কিশোৰীক কাম দিয়াৰ প্ৰলোভনৰে নাগ্ৰিজুলিৰ দেউচুঙা অঞ্চলৰ শুক্লা দাস নামৰ লোক এজনে ৰঙিয়াৰ পৰা ৰে’লযোগে বাংগালুৰুলৈ পঠাইছিল। কিশোৰী ৩ গৰাকীয়ে বাংগালুৰুৰ পৰা কৰ্ণাটকলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে বাংগালুৰুৰ ‘তালাচ’ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই কিশোৰী কেইগৰাকীক সোধপোছ কৰে।

    কিশোৰী কেইগৰাকীৰ পৰা কোনো সুদুত্তৰ নোপোৱাত ‘ তালাচ’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে কিশোৰী কেইগৰাকীয়ে দুষ্ট চক্ৰৰ কবলত পৰা বুলি নিশ্চিত হয়। লগে লগে স্বেচ্ছাসেৱী সংস্থা টোৱে বাংগালুৰুস্থীত CWC ৰ লগত যোগাযোগ কৰি কিশোৰী তিনিগৰাকীক CWC ক গটাই দিয়ে আৰু তেতিয়াৰ পৰা CWC এ কিশোৰী কেইগৰাকীক তেওঁ লোকৰ জিন্মাত ৰাখি বাক্সা জিলা আৰক্ষীৰ লগত যোগাযোগ কৰে।

    কিশোৰী কেইগৰাকীৰ সন্দৰ্ভত বাক্সা আৰক্ষীয়ে তামুলপুৰ আৰক্ষী থানা আৰু নাগ্ৰিজুলি আৰক্ষী চকীত যোগাযোগ কৰি তদন্তৰ নিৰ্দেশ দিয়ে। তামুলপুৰ আৰু নাগ্ৰিজুলি আৰক্ষীয়ে তদন্ত কৰি কিশোৰী কেইগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি পৰিয়ালসমূহ চিনাক্ত কৰে। যোৱা ১৮ নৱেম্বৰত তামুলপুৰ আৰু নাগ্ৰিজুলিৰ পৰা এটা আৰক্ষীৰ দল বাংগালুৰুলৈ ৰাওনা হয় আৰু CWC ৰ লগত যোগাযোগ কৰি কিশোৰী কেইগৰাকীক বাংগালুৰুৰ পৰা উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লৈ আনে।

    কিশোৰী কেইগৰাকীৰ ভায্য অনুসৰি তামুলপুৰ আৰক্ষীয়ে শুক্লা দাসৰ বিৰূদ্ধে তামুলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰিদৰ্শক অসীম বৰাই জানিবলৈ দিয়া মতে শুক্লা দাস বৰ্তমান পলাতক অবস্থাত আছে। তামুলপুৰ আৰক্ষীয়ে শুক্লা দাসক আটক কৰিবলৈ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং