আৰক্ষীয়ে জনোৱা অনুসৰি, লকডাউন ৰাইজে মানি চলিছে নে নাই সেই চাবলৈ কৰ’ণা সংক্ৰমিত অঞ্চলত উপস্থিত হোৱা ৫জনীয়া আৰক্ষী দলৰ ওপৰত আক্ৰমণ স্থানীয় শতাধিক লোকে। ৰাজস্থানৰ টংক চহৰৰ কচাই মহলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
আজি টংক আৰক্ষী থানাৰ কেইজনমান আৰক্ষীয়ে লকডাউন ৰাইজক মানি চলাবলৈ ৰাজ্যখনৰ বজাৰ এলেকাত উপস্থিত হৈছিল। আৰক্ষী সেই স্থানত উপস্থিত হোৱা মাত্ৰকেই আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলাই একাংশ স্থানীয় ৰাইজে। ঘটনাৰ ফলত ৩জনকৈ আৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ঘটনাটোত আৰক্ষী কনিষ্টবল ৰামৰাজ, ৰাজেন্দ্ৰৰ আৰু বাঘচন্দ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আটাইকেইজন আৰক্ষীকে হাস্পতালত ভৰ্তি কৰোৱা হয়।
Photo credit: timesofindia