31 C
Guwahati
Tuesday, October 4, 2022
More

    খাদ্য সংকটত পৰি ওলাই আহোতেই অসমৰ ৩ যুৱকক অৰুণাচলত নিৰ্মম প্ৰহাৰ

    সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰসন্থাৰ সভাপতি বিৰি জয়ে দিছে তীব্ৰ গৰিহণা

    অৰুণাচল প্ৰদেশৰ দুইমুখত অসমৰ তিনি যুৱকক নিৰ্মমভাৱে প্ৰহাৰ। চুবুৰিয়া ৰাজ্যখনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল যুৱক কেইজন৷ লকডাউনৰ সময়ত খাদ্য সংকটত পৰিছিল যুৱক কেইজন। সেয়ে কৰ্মস্থলী এৰি অসমৰ ঘৰলৈ আহি আছিল কেইজন যুৱক।

    পিছে দুইমুখত যুৱক তিনিজনক আৱদ্ধ কৰি নিৰ্মম প্ৰহাৰ স্থানীয়লোকৰ। আৰক্ষীৰ পোছাকত থকা যুৱক আৰু স্থানীয় একাংশ যুৱকে মাটিত বগৰাই বগৰাই প্ৰহাৰ কৰে তিনিও যুৱকক। এই ঘটনাক এতিয়া তীব্ৰ নিন্দা ‘অল অৰুণাচল প্ৰদেশ য়ুথ অৰগেনাইজেছনৰ’।

    সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰসন্থা টোৰ সভাপতি বিৰি জয়ে দিছে তীব্ৰ গৰিহণা। নিৰীহ লোকক নিৰ্মম প্ৰহাৰৰ ঘটনাৰ উচিত তদন্তৰ দাবী ছাত্ৰ সন্থাটোৰ।

    Photo Credit: @hassinuralom

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং