১. কাশ্মীৰ ঘাটিৰ ১৭ টেলিফোন একচেঞ্চতো লেণ্ডলাইন সেৱা আৰম্ভ কৰা হৈছে।
২. ৫ আগষ্টত অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ ঘোষণাৰ পূৰ্বে বন্ধ কৰি দিয়া হৈছিল ঐতিহাসিক টেলিকম সেৱা।
লাহে লাহে জম্মু-কাশ্মীৰত সৃষ্টি হোৱা অশান্ত পৰিৱেশ শান্ত হৈ পৰিছে। এই পৰিস্থিতিৰ ভিত্তিত প্ৰশাসনে অনুচ্ছেদ ৩৭০ আঁতৰৱোৰ ১২ দিন পিছত শনিবাৰে ৰাজ্যখনৰ কেইটামান অঞ্চলত পুনৰ আৰম্ভ কৰি দিছে 2G ইণ্টাৰনেট সেৱা। জম্মু, ৰিয়াছী, ছাম্বা, কঠুৱা আৰু উধমপুৰত পুনৰ আৰম্ভ কৰি দিয়া হৈছে 2G ইণ্টাৰনেট সেৱা।
যাতায়তৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা হৈছে:
কাশ্মীৰ ঘাটিত যাতায়তৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা হৈছে যদিও স্পৰ্শকাতৰ অঞ্চলসমূহত সুৰক্ষাকৰ্মীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেইটামান অঞ্চলত পুনৰ আৰম্ভ কৰা হৈছে কেব সেৱা। খোলা হৈছে বহুকেইখন দোকান।