27 C
Guwahati
Thursday, September 22, 2022
More

    ৬মাহৰ পিছত ইণ্টাৰনেট মুকলি;উৎফুল্লিত কাশ্মীৰবাসী

    ছমাহ দিন ধৰি ইণ্টাৰনেট সেৱা ব্যাহত হৈ থকাত বহিঃবিশ্বৰ সৈতে সংযোগ বিচিন্ন হোৱাৰ দৰে হৈছিল কাশ্মীৰৰ জনসাধাৰণৰ

    কাশ্মীৰত বিগত ছমাহে বন্ধ আছিল ইণ্টাৰনেট সেৱা। শনিবাৰে ২ জি ইণ্টাৰনেট সেৱা আৰু ব্ৰডবেণ্ড সেৱা মুকলি কৰি দিয়া হয় কাশ্মীৰত। এই সেৱা মুকলি হোৱাৰ পিছতেই স্বস্তিৰ নিশ্বাস এৰিছে কাশ্মীৰবাসীয়ে। মাজনিশাৰ পৰা কাশ্মীৰত কাৰ্যকৰী কৰা হৈছে এই সেৱা।

    বৰ্তমান সময়ত ইণ্টাৰনেট আমাৰ সমাজৰ অপৰিহাৰ্য অংগ হৈ পৰিছে। তেনেস্থলত ছমাহ দিন ধৰি ইণ্টাৰনেট সেৱা ব্যাহত হৈ থকাত বহিঃবিশ্বৰ সৈতে সংযোগ বিচিন্ন হোৱাৰ দৰে হৈছিল কাশ্মীৰৰ জনসাধাৰণৰ।

    ইণ্টাৰনেট সেৱা পুনৰ লাভ কৰি বিশেষভাৱে উৎফুল্লিত হৈছে যুৱ প্ৰজন্ম।ব্যৱসায়ী, চাকৰিয়াল, কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো ক্ষেত্ৰতে ইণ্টাৰনেট সেৱাৰ অবিহনে ব্যাপক সমস্যাই দেখা দি অহাৰ ফলত চৰকাৰে ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে কাশ্মীৰবাসীয়ে।

    Photo Credit: .deccanherald.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং