29 C
Guwahati
Wednesday, October 13, 2021
More

    বিশ্বৰ ২৭খন দেশৰ অৰ্কিড সংগ্ৰহেৰে অভিলেখ চৰাইদেউ জিলাৰ এজন যুৱকৰ

    ১৪০০ বিধ প্ৰজাতিৰ অৰ্কিড সংগ্ৰহেৰে গঢ়ি তুলিছে এখন অৰ্কিড উদ্যান

    অৰ্কিড সংগ্ৰহৰ ব্যতিক্ৰমী পদক্ষেপ চৰাইদেউ জিলাৰ টেঙাপুখুৰীৰ উদীয়মান যুৱক অংকুৰৰাজ গগৈৰ। চৰাইদেউ জিলাৰ যুৱক অংকুৰে বিশ্বৰ ২৭ খন দেশৰ পৰা অৰ্কিড সংগ্ৰহ কৰি ঘৰতে গঢ়ি তুলিছে এখন ক্ষুদ্ৰ অৰ্কিড উদ্যান।

    অসম তথা বিশ্বৰ ২৭ খন দেশৰ পৰা ইতিমধ্যে প্ৰায় ১৪০০ বিধ প্ৰজাতিৰ অৰ্কিড সংগ্ৰহৰ জৰিয়তে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে উচ্চ শিক্ষিত যুৱক অংকুৰ ৰাজ গগৈয়ে। ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ত নিয়োজিত হৈও গাঁঠিৰ ধন ভাঙি বিভিন্ন প্ৰান্তৰ পৰা অৰ্কিড সংগ্ৰহ কৰিছে।

    লগতে এটা অৰ্কিড গৱেষণাগাৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখা অংকুৰে ২০১০ চনত দশম শ্ৰেণীত পঢ়ি থকাৰ পৰাই আৰম্ভ কৰিছিল অৰ্কিড সংগ্ৰহৰ ব্যতিক্ৰমী পদক্ষেপ।

    মন কৰিবলগীয়া যে যি সময়ত জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি নামি আহিছে তেনে সময়তে বিলুপ্তিৰ গৰাহত পৰা দুষ্প্ৰাপ্য অৰ্কিড সংগ্ৰহ কৰি সংৰক্ষণ কৰা কাৰ্য সঁচাকৈ প্ৰশংসনীয়।

    Photo Credit: Hangsang Kuwar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং