29 C
Guwahati
Monday, October 25, 2021
More

    বঙাইগাওঁৰ ২৪ বৰ্ষীয় যুৱকক নৃশংসভাৱে শাস্তি দি ভিডিঅ’ ৰেকৰ্ডিং কৰি হত্যা অপহৰণকাৰীৰ

    ৰেকৰ্ডিং কৰা ভিডিঅ' প্ৰেৰণ কৰিছিল অজয় সাহৰ পৰিয়াল বৰ্গলৈ

    ২৫ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল এক যুৱক। পিছত সেই যুৱকক তিল তিল কৈ শাস্তি দি হত্যা কৰাৰ ভিডিঅ’ পঠিয়াই পৰয়াললৈ। অপহৰণ কৰি অপহৰণকাৰীয়ে দাবীও কৰিছিল ধন মুঠ ৫০ হাজাৰ টকা। পিছত দাবীকৃত ধন নপোৱাত হত্যাকৰি যুৱকজনৰ মৃতদেহ পেলাই জংধলত।

    অজয় শ্বাহ

    এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰত। পিছে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে বঙাইগাঁও জিলাৰ বইটামাৰীত। বঙাইগাঁৱৰ বইটামাৰীৰ ভৈৰৱচূড়া পাহাৰত উদ্ধাৰ মৃতদেহটো। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে বইটামাৰীত। মৃতদেহটো অজয় শ্বাহৰ(২৪) বুলি নিশ্চিত কৰিছে প্ৰশাসনে।

    হত্যাকাৰী ছহিদুল ইছলাম

    যোৱা ২৫ ফেব্ৰুৱাৰী তাৰিখৰ পৰাই সন্ধানহীন হৈ আছিল অজয় শ্বাহ। অপহৰণ কৰি ভৈৰৱচূড়া পাহাৰলৈ লৈ আহিছিল অপহাৰণকাৰী দলটোৱে। ৫০লাখ টকা বিচাৰী অপহৰণ কৰি আনি হানি খুচি হত্যা কৰে অজয় শ্বাহক।

    ঘটনা সম্পৰ্কত গোৱালপাৰা জিলা আৰক্ষী, চাপৰ আৰক্ষী আৰু বঙাইগাঁও আৰক্ষীয়ে যৌথ অভিযান চলাই আটক কৰে অপহৰণকাৰী দলটোৰ দুজন সদস্যক। সদস্য দুজন গোৱালপাৰা লক্ষিপুৰৰ আমিনুল ইছলাম আৰু অভয়াপুৰী খাছপাৰাৰ ছহিদুল ইছলাম।

    হত্যাকাৰী আমিনুল ইছলাম

    অপহৰণকাৰী দলত আন ভালেকেইজন সদস্য আছে যদিও এতিয়ালৈ তেওঁলোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি অপহৰণকাৰী দলটিৰ দুজনক আটক কৰি তেওঁলোকৰ জৰিয়তে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে অজয় শ্বাহক তিল তিলকৈ শাস্তি দি মোবাইলেৰে ভিডিঅ ৰেকৰ্ডিং কৰি হত্যা কৰিছিল অপহৰণকাৰী দলটিয়ে আৰু সেই ৰেকৰ্ডিং প্ৰেৰণ কৰিছিল অজয় সাহৰ পৰিয়াল বৰ্গলৈ।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং