25 C
Guwahati
Thursday, October 21, 2021
More

    Online transactionত সাধাৰণ জনতাই পাব ৰেহাই, ১৬ ডিচেম্বৰৰ পৰা সলনি হ’ব এই নিয়ম

    বৰ্তমান সময়ত গ্ৰাহকে এই সেৱা মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ এৰি প্ৰতিদিনে লাভ কৰিছে। এই সেৱা পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭.৪৫ বজালৈ উপলব্ধ

    আগন্তুক ১৬ ডিচেম্বৰৰ পৰা প্ৰতিটো বেংকত ২৪ ঘণ্টাৰ নেছনেল ইলেকট্ৰ’নিক ফাণ্ড ট্ৰাঞ্চফাৰ((NEFT)ৰ সুবিধা আৰম্ভ হ’ব। ইয়াৰ বাবে বেংক গ্ৰাহকসকলে দিব নালাগে কোনোধৰণৰ মাচুল। বৰ্তমান NEFTৰ সুবিধা পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭ বজালৈহে উপলব্ধ। মাহৰ প্ৰথমটো আৰু তৃতীয়টো শনিবাৰে ইয়াৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈহে। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক প্ৰদান কৰিছে এই নিৰ্দেশনা।

    RBI-এ দেশজুৰি ডিজিটেল বেংকিঙক উত্সাহ দিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লগতে RBI-এ ফাষ্টেগ পৰিশোধ কৰিবলৈ মোবাইল ৱালেট, সকলো প্ৰকাৰৰ কাৰ্ডছ আৰু UPIৰ সৈতে ইয়াক লিংক কৰিবলৈ কোৱা হৈছে যাতে ইয়াৰ ব্যৱহাৰ পাৰ্কিং আৰু পেট্ৰ’ল পাম্পটো কৰিব পৰা হয়।

    RBI-এ ক’লে যে ৰিটেল ডিজিটেল লেনদেন বছৰি ৬০ শতাংশলৈ বৃদ্ধি হৈছে। ২০১৮ৰ অক্টোবৰৰ পৰা ২০১৯ৰ ছেপ্টেম্বৰৰ ভিতৰত ইয়াৰ দৰ বৃদ্ধি হৈছে গড় ২৮৪৬ কোটি টকা। এই সময়খিনিতে মুঠ ৩০২ লাখ কোটি টকাৰ লেনদেন হৈছে। NEFT আৰু UPIৰ জৰিয়তে ১১২৬ কোটি লেনদেন হৈছে। ইয়াত UPIৰ বৃদ্ধিৰ হাৰ ২৬৩ শতাংশ আৰু NEFT বৃদ্ধিৰ হাৰ ২০ শতাংশ।

    গ্ৰাহকে ডিচেম্বৰৰ পৰা ২৪ ঘণ্টা NEFTৰ জৰিয়তে লেনদেনৰ সুবিধা লাভ কৰিব। বৰ্তমান সময়ত গ্ৰাহকে এই সেৱা মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ এৰি প্ৰতিদিনে লাভ কৰিছে। এই সেৱা পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭.৪৫ বজালৈ উপলব্ধ।

    NEFTৰ অৰ্থ হ’ল নেছনেল ইলেকট্ৰ’নিক ফাণ্ড ট্ৰাঞ্চফাৰ। ইণ্টাৰনেটৰ জৰিয়তে ২ লাখ টকালৈ লেনদেনৰ বাবে NEFTৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ জৰিয়তে যিকোনো শাখাৰ যিকোনো বেংক একাউণ্টৰ পৰা যিকোনো শাখাৰ যিকোনো বেংক একাউণ্টলৈ টকা প্ৰেৰণ কৰিব পাৰি। কিন্তু এই বেংকিং সুবিধাৰ বাবে টকা প্ৰেৰণ কৰা আৰু টকা পোৱা দুয়োজনৰে থাকিব লাগিব ইণ্টাৰনেট বেংকিং সুবিধা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং