15 C
Guwahati
Friday, January 28, 2022
More

    সৌৰভ দাসৰ হত্যাকাৰীক ফাঁচীৰ দাবীৰে ২৪ ঘণ্টীয়া বন্ধ ডিব্ৰুগড় জিলাত

    ঘটনাক লৈ সমগ্ৰ অসম বিয়পি বিৰাজ কৰিছে চেপা উতেজনাই যাৰ বাবেই আজি এইদৰে বন্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ সকলো দোকান বজাৰ

    সৌৰভ দাসৰ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীৰে আজি ২২ জুন তাৰিখে ২৪ ঘণ্টীয়া বন্ধ পালন হয় ডিব্ৰুগড় জিলাত। জিলাখনত সৰ্বাত্মক ৰূপত দেখা গৈছে এই বন্ধ।

    হিন্দু ক্ৰান্তি দল অসম প্ৰদেশ দ্বাৰা ২৪ ঘণ্টাৰ বাবে ডিব্ৰুগড় জিলা বন্ধ।

    সমূহ দোকান সমাৰ, বজাৰ আদি বন্ধ হৈ পৰিছে এই বন্ধ ঘোষণাত।

    ইয়াত এইটোৱে প্ৰমাণ হয় যে, সকলোৱে একে মুখে বিচাৰিছে সৌৰভ দাসৰ হৈ ন্যায়।

    উল্লেখ্য যে, যোৱা শুকুৰবাৰ ১৯ জুন তাৰিখে নিশা ডিব্ৰুগড়ৰ লেজাই দলং ঘাটত কোনোৱে হত্যা কৰি চেঁচা নদীত পেলাই দিছিল সৌৰভ দাসক।

    যোৱা দুদিন ধৰি চলা অভিযানৰ পাছত দেওবাৰে উদ্ধাৰ হৈছিল সৌৰভ দাসৰ মৃত শৰীৰ।

    এগৰাকী অন্য ধৰ্মৰ যুৱতীৰে সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ তুলিছে সমগ্ৰ অঞ্চলটোৱে।

    ঘটনাক লৈ সমগ্ৰ ডিব্ৰুগড় জিলা লগতে অসমতে বিৰাজ কৰিছে চেপা উত্তেজনাই। যাৰ বাবেই আজি এইদৰে বন্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ সকলো দোকান বজাৰ।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং