29 C
Guwahati
Wednesday, October 13, 2021
More

    পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! পিতৃক দাৰে ঘপিয়াই হত্যা পুত্ৰৰ

    হত্যাকাৰী পুত্ৰ সঞ্জয় উৰাঙে পিতৃক হত্যা কৰি বামুনবাৰী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে

    ডিব্ৰুগড়ৰ মৰাণত পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰক। মৰাণৰ বামুনবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ঔফলিয়াৰ আলি কিনাৰ বস্তিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। সঞ্জয় উৰাং নামৰ ২২ বছৰীয়া পুত্ৰই পিতৃ ঝিগু উৰাঙক দাৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰে।

    হত্যাকাৰী পুত্ৰ সঞ্জয় উৰাঙে পিতৃক হত্যা কৰি বামুনবাৰী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে হত্যাকাৰী পুত্ৰ সঞ্জয় উৰাঙক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ লগতে পিতৃ ঝিগু উৰাঙৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে ।

    পাৰিবাৰিক কন্দলৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং