31 C
Guwahati
Wednesday, October 13, 2021
More

    কংগ্ৰেছত যোগদান কৰিয়েই আৰ পি শৰ্মাৰ মন্তব্য; কংগ্ৰেছক জিকাবলৈ অকলেই ৫০শতাংশ কাম কৰিব পাৰিব

    ২০২১ৰ নিৰ্বাচনত ৮০খন আসন লৈ দিছপুৰ দখল কৰিব কংগ্ৰেছে

    বিজেপিৰ প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিয়েই ২০২১ৰ নিৰ্বাচন কংগ্ৰেছৰেই বুলি মন্তব্য কৰে। এতিয়া সকলোৱে টঙালি বান্ধিবৰ হ’ল। ঘৰে ঘৰে গৈ কেম্পেইন কৰাৰো কথা উল্লেখ কৰে আৰ পি শৰ্মাই।

    কংগ্ৰেছত যোগদান কৰিয়েই আৰ পি শৰ্মাৰ মন্তব্য, ৮০খন আসন লৈ দিছপুৰ দখল কৰিব কংগ্ৰেছে৷ লগতে ইয়াকো কয় যে, ৰাইজৰ সেৱাৰ বাবেই বিজেপিৰ পৰা উলাই আহিছে তেজপুৰ সমষ্টিৰ প্ৰাক্তন সাংসদগৰাকীয়ে৷ বিজেপিক উৎখাত কৰিবলৈ জনসাধাৰণকো আহ্বান ‘সকলো উলাই আহক’৷

    কেন্দ্ৰতো কংগ্ৰছৰেই চৰকাৰ হোৱাৰ কথা উল্লেখ কৰে শৰ্মাই৷ শৰ্মাই কয়, তেওঁ দীৰ্ঘদিন ধৰি আৰ এছ এছৰ কৰ্মী আছিল৷ বিজেপিৰ কাৰণে খোজ কাঢ়ি বহুত ঘূৰিলেও৷

    পিছে “এতিয়া আৰু এৰি দিয়াত নাই৷ এনেয়ে কংগ্ৰেছত যোগদান দিয়া নাই৷ মোৰ মনত আক্ষেপ আছে৷ কংগ্ৰেছক জিকামেই৷ বড়লেণ্ড আমাৰ হ’ব৷ দৈনিক তিনি ঘন্টা মোক দিয়ক৷ কংগ্ৰেছক জিকাবলৈ মই ৫০শতাংশ সহায় কৰিব পাৰিম৷” এই বুলি মন্তব্য আগবঢ়াই আৰ পি শৰ্মাই।

    Photo Credit: Smita Rani Deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং