27 C
Guwahati
Wednesday, October 13, 2021
More

    দিল্লীৰ পৌৰ পৰিষদৰ ২০০ গৰাকী কৰ্মচাৰীৰ একাউণ্টৰ পৰা অন্তৰ্ধান দৰমহা

    আৰক্ষীয়ে কোৱা অনুসৰি যি দুজন ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছে, তেওঁলোকে কোৱা অনুসৰি কোনো মাধ্যমেৰে তেওঁলোকৰ একাউণ্টৰ টকা উলিওৱা হোৱা নাছিল

    নতুন দিল্লীৰ পৌৰ পৰিষদৰ কৰ্মচাৰীৰ দৰমহা উলিয়াই নিয়ে প্ৰৱঞ্চকে। এই সন্দৰ্ভত ২ গৰাকী কৰ্মচাৰীয়ে এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাটোত নিশ্চয়তা প্ৰদান কৰে নতুন দিল্লীৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত দিনেশ কুমাৰে। ঘটনা সন্দৰ্ভত কৰ্মচাৰী ইউনিয়নেও এটা গোচৰ দিয়ে বিভাগক। প্ৰায় ২০০ গৰাকী কৰ্মচাৰীৰ সৈতে এই ঘটনাটো সংঘটিত হৈছে। কিন্তু তদন্ত অব্যাহত ৰখা আৰক্ষীয়ে ক’লে যে মাত্ৰ দুগৰাকী কৰ্মচাৰীয়েহে গোচৰ ৰুজু কৰিছে। ২০০ গৰাকী কৰ্মচাৰীৰ সৈতে হোৱা প্ৰতাৰণাক লৈ কোনোধৰণৰ গোচৰ পোৱাৰ কথা অস্বীকাৰ কৰে।

    আৰক্ষীয়ে কোৱা অনুসৰি যি দুজন ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছে, তেওঁলোকে কোৱা অনুসৰি কোনো মাধ্যমেৰে তেওঁলোকৰ একাউণ্টৰ টকা উলিওৱা হোৱা নাছিল। কিন্তু পিছত তেওঁলোকে জানিব পাৰিলে যে কোনো লোকে তেওঁলোকৰ এটিএমৰ পৰা দৰমহা উলিয়াই লৈছে। তাৰ পিছতে তেওঁলোকে আৰক্ষীৰ কাষ চাপিছিল।

    ভুক্তভোগীয়ে আৰক্ষীক ক’লে যে, তেওঁলোকৰ একাউণ্টৰ পৰা টকা দিল্লী, ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ আৰু দক্ষিণ ভাৰতৰ কেইবাখনো স্থানৰ পৰা উলিওৱা হৈছিল। প্ৰথমটো ঘটনা সংঘটিত হৈছিল ৯ ফেব্ৰুৱাৰীত অমীৰ যাদব নামৰ এজন কৰ্মচাৰীৰ সৈতে।

    অমীৰ যাদৱৰ একাউণ্টৰ পৰা ১৫ হাজাৰ টকা উলিওৱা হৈছিল। একাউণ্টটো আছিল ষ্টেট বেংকৰ আৰু শাখা আছিল সংসদ মাৰ্গত। ১৫ হাজাৰ টকা দুবাৰত উলিওৱা হৈছিল। প্ৰথমবাৰ ১০ হাজাৰ আৰু দ্বিতীয় বাৰত প্ৰৱঞ্চকে উলিয়াইছিল ৫ হাজাৰ টকা। অমীৰ যাদৱৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ মেছেজ আহিছিল তেওঁৰ মোবাইল ফোনত।

    Photo credit: livemint.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং