তেজৰ নৈ বৈছে বগা বৰফৰ দেশ লাডাখত। চীন-ভাৰতৰ মাজত তুমুল সংঘৰ্ষ। ভাৰতীয় ২০ আৰু চীনৰ ৪৩ সেনা নিহত হোৱা বুলি সদৰি।
ৰঙা চীনে ৰঙা কৰি পেলাইছে লাডাখ। ১৫ জুন সোমবাৰৰ নিশাৰ পৰা অব্যাহত আছে দুয়ো দেশৰ মাজত গুলিয়াগুলি।
দুয়ো দেশৰ সেনা প্ৰধানে যুদ্ধ শাম কটাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই।
ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ (Foreign Ministry) প্ৰৱক্তা অনুৰাগ শ্ৰীবাস্তৱে কয় যে ভাৰত আৰু চীনৰ মাজত সেনা আৰু কূটনৈতিক স্তৰত কথা বতৰা চলি আছে।
কিন্তু তাৰ পিছতো লাডাখৰ ভাৰত-চীন সীমান্তত ক্ৰমান্বয়ে বৃদ্ধি পাই আছে উত্তেজনা।
ভাৰতৰ এজন কৰ্ণেলসহ ২০ গৰাকী ভাৰতীয় সেনা জোৱানৰ মৃত্যু ঘটিছে বুলি সদৰি।
প্ৰথমে এজন কৰ্ণেলসহ দুজন ভাৰতীয় সেনা জোৱান নিহত হোৱাৰ বাতৰি আহিছিল যদিও মঙলবাৰে নিশা ভাৰতীয় সেনা সূত্ৰই ২০ গৰাকী ভাৰতীয় সেনা জোৱান নিহত হোৱা বুলি সদৰী কৰে।
১৭ গৰাকী ভাৰতীয় সেনা জোৱান দুই পক্ষৰ হতাহতি গুৰুতৰভাৱে হৈছিল।
চিকিৎসাধীন অৱস্থাতে লাডাখৰ তীব্ৰ শীতত আহত জোৱানকেইজনৰ মৃত্যু হোৱা জনাইছে ভাৰতীয় সেনাৰ সূত্ৰই।
ভাৰতীয় সেনাইও চীনক প্ৰত্যুত্তৰ দিয়াৰ বাবে প্ৰস্তুত আছে।
চীনক প্ৰত্যুত্তৰ দি ৪৩ গৰাকী চীনা সৈন্যৰ প্ৰাণ কাঢ়ি নিয়া বুলি সদৰি কৰিছে এক সূত্ৰই।
অৱশ্যে আনুষ্ঠানিকভাৱে এই সম্পৰ্কে কোনো তথ্য বৰ্তমানলৈকে সদৰি কৰা নাই।
কিন্তু বেইজিঙৰ বিভিন্ন সংবাদ মাধ্যমত ৪৩ চীনা সৈন্য নিহত হোৱা বুলি প্ৰকাশ পাইছে।
যোৱা ৰাতি পৰ্যন্ত বেইজিং প্ৰশাসনে চৰকাৰীভাৱে এই ঘোষণা কৰা নাই ।
যদিও চীনৰ চৰকাৰী সংবাদ পত্ৰ গ্লোবেল টাইমছৰ সম্পাদকে নিজৰ টুইটাৰ একাউন্টত চীনা সৈন্যৰ মৃত্যু হোৱা বুলি টুইট কৰিছে।
ভাৰতৰ ছহীদ সেনা বিষয়াজন হৈছে ১৬ বিহাৰ ৰেজিমেণ্টৰ কামাণ্ডিং অফিচাৰ কৰ্নেল সন্তোষ বাবু।
Photo Credit: India Today