গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত চৰাইদেও জিলাৰ সাপেখাতীত দুই যুৱকক আটক কৰে সেনাই। আলফা (স্বাধীন)ত যোগদান কৰিবলৈ যাব ওলোৱা ধেমাজিৰ ভাস্কৰ জ্যোতি ফুকন আৰু সোনাৰি জুটুলনী গাঁৱৰ উমেশ বুঢ়াগোহাঁইক শুকুৰবাৰে নিশা সেনাই আটক কৰি সাপেখাতী আৰক্ষীক চমজাই দিয়ে।
দুযো জনে দীৰ্ঘদিন ৰ পৰা আলফা স্বাধীনৰ সদস্যৰে যোগাযোগ ৰাখি আহিছিল। ধৃত দুয়োজন যুৱককে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।