26 C
Guwahati
Sunday, October 24, 2021
More

    বিজপিৰ পালিনেতা চন্দ্ৰ লহকৰৰ বিৰুদ্ধে মহিলাৰ শ্লীলতা হানি,ধন দাবীৰ গুৰুতৰ অভিযোগ; পলাতক অভিযুক্ত

    চুঙাজান অঞ্চলত বিভিন্ন অপৰাধ কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগ থকা এই গৰাকী বিজেপি কৰ্মীয়ে সৰ্বসাধাৰণ লোকক উচ্চ পদস্থ আৰক্ষী বিষয়াৰ লগত সু সম্পৰ্ক থকা বুলি দাংকোপ মাৰি ফুৰে৷ চন্দ্ৰৰ বিৰুদ্ধে ইতিপূৰ্বে কেইবাটিও দল সংগঠনে আৰক্ষীক লিখিত অভিযোগো দিছিল

    বিভিন্ন বিতৰ্কিত কাম কাজত জড়িত থকাৰ অভিযোগ থকা বিজেপিৰ পালিনেতা চন্দ্ৰ লহকৰ এইবাৰ নামি পৰিল মহিলাৰ শ্লীলতা হানিত ৷ অৰুণাচলী অবৈধ সুৰা সৰবৰাহৰ ক্ষেত্ৰতো এইজনৰ গোপন অংক থকাৰ অভিযোগ আছে। একাংশ মন্ত্ৰী, বিজেপি নেতা, উচ্চপদস্থ আৰক্ষী বিষয়াৰ লগত সু-সম্পৰ্ক থকা বুলি দম্ভালি মাৰি ফুৰা এইজন পালিনেতাৰ বিৰুদ্ধে ব্যৱস্থা নলয় চুঙাজান আৰক্ষীয়ে। গোলাঘাট জিলাৰ চুঙাজানৰ এইজন বিজেপি কৰ্মীৰ বিৰুদ্ধে মহিলাক শ্লীনতা হানি আৰু ধনদাবীৰ অভিযোগত আৰক্ষী থানাত গোচৰ ৰুজু হৈছে।

    চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱৰ বাসিন্দা, বিজেপি কৰ্মী চন্দ্ৰ লহকৰে চুঙাজান চাৰিআলিৰ সমীপত এগৰাকী মহিলাক পঞ্চাশ হেজাৰ টকা দাবী কৰাৰ লগতে আন এগৰাকী মহিলাক অশালীন গালি গালাজ কৰি মহিলা গৰাকীৰ গাত হাত দি কাপোৰ ফালি শালীনতা হানিৰ চেষ্টা কৰে| লহকৰে মহিলাৰ ওপৰত এনেদৰে অশালীন কৰ্ম কৰাৰ পাচত চুঙাজান আৰক্ষী থানাত ভূক্তভোগী মহিলাগৰাকীয়ে চন্দ্ৰ লহকৰৰ বিৰুদ্ধে এক গোচৰ দিছে।

    চুঙাজান আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাত আৰক্ষী অধীক্ষকক অৱগত কৰাত ৩৪/২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/১০৯/৩৮৭/৩৫৪(বি)/২৯৪/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰিবলৈ বাধ্য হয়।

    চুঙাজান অঞ্চলত বিভিন্ন অপৰাধ কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগ থকা এই গৰাকী বিজেপি কৰ্মীয়ে সৰ্বসাধাৰণ লোকক উচ্চ পদস্থ আৰক্ষী বিষয়াৰ লগত সু সম্পৰ্ক থকা বুলি দাংকোপ মাৰি ফুৰে৷ চন্দ্ৰৰ বিৰুদ্ধে ইতিপূৰ্বে কেইবাটিও দল সংগঠনে আৰক্ষীক লিখিত অভিযোগো দিছিল।

    বৰ্তমান পলাতক অৱস্থাত আছে চন্দ্ৰ লহকৰ৷ চুঙাজানৰ আছু, জাতীয়তাবাদী যুৱ পৰিষদ, চুতীয়া ছাত্ৰ সন্থাৰ লগতে বিভিন্ন সংগঠন তথা ৰাইজে অভিযুক্ত চন্দ্ৰ লহকৰক শীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী তুলিছে ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং