এটা বা দুটা নহয়। নগাঁৱৰ বৰভেটিৰ পৰা চোৰে লুটিলে ১৮টাকৈ LED টিভি। সামগ্ৰীখিনি লুটি চোৰকেইটাই থানাত এজাহাৰ দিলে নিজ ঘৰত চোৰ হোৱা বুলি। এজাহাৰ দাখিল কৰিবলৈ আহি ৰঙাঘৰত সোমাল চোৰ।
বিগত ৫ বছৰ ধৰি তিনিচুকীয়াৰ উজ্বল দত্ত নামৰ এজন যুৱকে নগাঁৱৰ বৰভেটিত এটা ঘৰ ভাড়ালৈ লৈ চলাই আহিছিল TVৰ ব্যৱসায়। গাঁৱৰ প্ৰতিটো প্ৰতিটো ঘৰে ঘৰে বিক্ৰী কৰি আহিছিল টিভিকে ধৰি বিভিন্ন ইলেক্ট্ৰ’নিকছ সামগ্ৰী। কিন্তু মঙলবাৰে ঘৰৰ পৰা ওলাই অহাৰ পিছতে সংঘটিত হ’ল এই ঘটনা।
সন্ধিয়া ঘৰত সোমাই প্ৰত্যক্ষ কৰে যে পাছফালৰ দুৱাৰ খুলি ১৮টা TV, ২টা হোম থিয়েটাৰ, জুইছাৰ এটা আৰু ২৭ হাজাৰ টকা চোৰে লুটি লৈ যায়।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ছফিকুল ইছলাম আৰু মুন্না নামৰ দুটা চোৰক আটক কৰে। দুয়োটা চোৰে ভুক্তভোগী উজ্বল দত্তৰ প্ৰতিবেশী আছিল।