হাজোত দুজনকৈ সন্দেহজনক লোকক আৰক্ষী আৰু স্বাস্থ্যকৰ্মীয়ে উদ্ধাৰ কৰিছে। উত্তৰ প্ৰদেশৰ পৰা আহি অসমৰ ভিন্ন ঠাইত ঘূৰি ফুৰা ৰূপহীহাটৰ মফিদুল ইছলামক হাজোৰ ৩নং মনাহকুছিৰ মছজিদৰ পৰা আৰু বুল্লুটৰ নুৰুল ইছলামক নিজ বাসগৃহৰ পৰা উদ্ধাৰ কৰি শিঙিমাৰীৰ আদৰ্শ চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি।

বুল্লুটৰ নুৰুল ইছলাম দিল্লীৰ পৰা আহি আত্মগোপন কৰি আছিল। হাজো প্ৰশাসনৰ তৎপৰতাত দুয়োগৰাকীকে উদ্ধাৰ কৰি সম্প্ৰতি আছুতীয়া কৰণৰ ব্যৱস্থা কৰা হৈছে। ভ্ৰমণসূচী নিৰীক্ষণ কৰি প্ৰশাসনে উদ্ধাৰ কৰিছে দুয়োজন লোককে।
Photo Credit: Time8