21 C
Guwahati
Sunday, October 24, 2021
More

    বোকাজানত দুখনকৈ অবৈধ চুপাৰি ট্ৰাক জব্দ

    ট্ৰাক দুখন জব্দ কৰাৰ লগতে আটক কৰে ৪ জনকৈ ট্ৰাক চালক আৰু হেণ্ডিমেনক

    কাৰ্বি আংলঙৰ বোকাজানৰ ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত দুখনকৈ অবৈধ চুপাৰি ট্ৰাক জব্দ। দল-সংগঠন আৰু আৰক্ষীৰ তৎপৰতাত জব্দ ট্ৰাক দুখন। UP 15 DT 3046 আৰু UP 15 DT 7764 নম্বৰৰ দুখন ট্ৰাকে ডিমাপুৰৰ পৰা গুৱাহাটীলৈ আনিছিল অবৈধ চুপাৰিখিনি।

    ডীলাই আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰাৰ লগতে আটক কৰে ৪ জনকৈ ট্ৰাক চালক আৰু হেণ্ডিমেনক। দুখন ট্ৰাকত প্ৰায় ১কোটি ৫০ লাখ টকাৰ অবৈধ ম্যানমাৰৰ চুপাৰি মজুত আছে। কাছাৰৰ পাছত এইবাৰ কাৰ্বি আংলং হৈ সৰবৰাহ হৈছে অবৈধ চুপাৰি। কাৰ ছত্ৰছায়াত পাৰ হয় এইসমূহ অবৈধ চুপাৰি তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং